AAMSU reaction on Child marriage: চৰকাৰক সমৰ্থন জনাই বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণৰ আহ্বান আমছুৰ - Child marriage in Assam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 3, 2023, 5:10 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

নিউজ ডেস্ক, 3 ফেব্ৰুৱাৰী: ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি বৃহস্পতিবাৰে নিশাৰ পৰাই ৰাজ্যত আৰম্ভ হ’ল বাল্যবিবাহ বিৰোধী অভিযান ৷ বৰ্তমানলৈকে বাল্যবিবাহ কৰাৰ অভিযোগত আটক হৈছে প্ৰায় দুই সহস্ৰাধিক লোক ৷ বৃহস্পতিবাৰৰ সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ৰাজ্যত সংঘটিত বাল্যবিবাহৰ এক ভয়ংকৰ তথ্য দাঙি ধৰিছিল ৷ মধ্য আৰু নামনি অসমত বাল্যবিবাহৰ হাৰ সৰ্বাধিক দেখা যায় ৷ ইয়াৰে সৰহ সংখ্যকেই হৈছে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলৰ লোক (Massive crackdown against Child marriage)  ৷  

যোৱা 13 জানুৱাৰী তাৰিখে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বাল্যবিবাহ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছিল ৷ বাল্যবিবাহ প্ৰতিৰোধ আইন 2006 মতে, বিবাহৰ বাবে ভাৰতত মহিলাৰ বয়স অতি কমেও 18 আৰু পুৰুষৰ বয়স 21 বছৰ হ’ব লাগে ৷ ইয়াৰ পূৰ্বে বিবাহ কৰাতো বেআইনী তথা অপৰাধ বুলি গণ্য কৰা হয় ৷ কিন্তু দেশৰ এনে বহু ঠাই আছে য’ত এগৰাকী ছোৱালী কুমাৰী হোৱাৰ পাচতেই জোৰ কৰি বিবাহ পাশত আৱদ্ধ কৰোৱা হয় (Prohibition of Child Marriage Act) ৷  

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পাচতে অসমৰ মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কঠোৰ দৃষ্টি দিবলৈ প্ৰশাসনক নিৰ্দেশ দিছিল আৰু গাঁও সুৰক্ষা বাহিনীৰ মুখিয়ালসকলক বাল্যবিবাহ সংঘটিত হোৱাৰ খবৰ আৰক্ষীক জনাবলৈ আহ্বান জনাইছিল ৷ মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পাচতে যোৱা 9 দিনত ৰাজ্যৰ আটাইকেইখন জিলাত সৰ্বমুঠ 4004 টা গোচৰ ৰুজু হয় ৷ মুখ্যমন্ত্ৰীয়ে সংবাদমেলত ইয়াৰ সংখ্যা 5 হাজাৰৰো অধিক হ’ব বুলি উল্লেখ কৰাৰ লগতে বাল্যবিবাহৰ সৈতে জড়িত অতি কমেও 50 হাজাৰ লোক গ্ৰেপ্তাৰ হ’ব বুলি সদৰী কৰে (Assam govt strict action against Child marriage) ৷  

লগতে পঢ়ক: Anti-child marriage operation in Assam: বাল্য বিবাহ বিৰোধী অভিযানত বেআইনী স্বামীকে ধৰি গ্ৰেপ্তাৰ 750 তকৈ অধিক ব্যক্তি

মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে জিলাই জিলাই ৰুজু হোৱা গোচৰ অনুসৰি আৰক্ষীয়ে বৃহস্পতিবাৰৰ নিশাৰ পৰাই নাবালিকাক বিবাহ কৰোৱা বহুলোকক আটক কৰে ৷ বৰ্তমানলৈকে এই সংখ্যাই 2000 অতিক্ৰম কৰিছে বুলি জানিব পৰা গৈছে ৷ বাল্যবিবাহৰ ক্ষেত্ৰত বিবাহ সম্পন্ন কৰোৱা পূজাৰী, মোল্লা, কাজি আদিও আইনৰ আওঁতালৈ আহিব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছিল ৷ তেওঁ লগতে বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত সুদীৰ্ঘ সময় ধৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৱে গ্ৰহণ কৰা অহা পদক্ষেপকো ধন্যবাদ জনায় ৷ বহুকেইজন সংখ্যালঘু বিধায়কেও বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়োৱা বুলি তেওঁ সংবাদমেলত মন্তব্য কৰে (Operation against child marriage in Assam) ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মুশ্বাৰফ হুছেইন কবিৰে চৰকাৰৰ এই বাল্যবিবাহ বিৰোধী পদক্ষেপৰ শলাগ লয় ৷ কবিৰে কয় যে, বাল্যবিবাহ হৈছে এক আইন বিৰোধী কাম আৰু এক সামাজিক ব্যাধি ৷ বাল্যবিবাহে এগৰাকী ছোৱালী বা এজন ল’ৰাৰ জীৱনত বিৰূপ প্ৰভাৱ পেলায় ৷  আমছুৱে 2017 চনৰ পৰাই বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলোৱা বুলি তেওঁ উল্লেখ কৰে ৷ বৰ্তমানেও আমছুৱে চলাই থকা এনে অভিযানত প্ৰায় 3500ৰো অধিক বাল্যবিবাহ ৰোধ কৰিবলৈ সক্ষম হোৱা বুলি কবিৰে জানিবলৈ দিয়ে (AAMSU supports action against Child marriage) ৷  

তেওঁ লগতে কয় যে, বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত বিভিন্ন সময়ত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও আমছুৰ কৰ্মকৰ্তাসকলে বহুকেইজন কাজিক জে’ললৈ পঠিয়াবলৈ সক্ষম হৈছিল ৷ বাল্যবিবাহৰ খবৰ পোৱাৰ মাত্ৰকে দিন-ৰাতি একাকাৰ কৰি আমছুৰ সদস্যই আৰক্ষী আৰু স্থানীয় সমাজ সচেতন লোকৰ সহায়ত ইয়াক ৰোধ কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ মন্তব্য কৰে ৷ এই অভিযানত বহুক্ষেত্ৰত বাল্যবিবাহৰ বিৰুদ্ধে সফলতা লাভ কৰিলেও আজিৰ তাৰিখতো বাল্যবিবাহ সম্পূৰ্ণ ৰূপে বন্ধ হোৱা নাই বুলি তেওঁ খেদ প্ৰকাশ কৰে (AAMSU reaction on Child marriage)৷  

লগতে পঢ়ক: Operation against child marriage: গোৱালপাৰাত বাল্য বিবাহৰ লগত জড়িত ৬৭ গৰাকী লোকক আটক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা বাল্যবিবাহ বিৰোধী পদক্ষেপক আদৰণি জনাই আমছুৰ উপ-সভাপতিগৰাকীয়ে কয় যে, মুখ্যমন্ত্ৰীয়ে যাতে এই পদক্ষেপ অতি শক্তিশালীভাৱে লয় আৰু বাল্যবিবাহ যাতে অসমৰ পৰা সম্পূৰ্ণ ৰূপে নিৰ্মূল হয় সেয়া নিশ্চিত কৰা উচিত ৷ এইক্ষেত্ৰত চৰকাৰক সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰে কবিৰে ৷ বিগত সময়ত বহুবাৰ বাল্যবিবাহৰ খবৰ দিয়াৰ পাচতো আৰক্ষীয়ে সেই সন্দৰ্ভত গুৰুত্ব প্ৰদান নকৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কবিৰে ৷ যাৰ বাবে তেওঁলোকে চাইল্ড লাইনৰ দৰে সংস্থাৰ সহযোগত ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি অহা বুলি মুশ্বাৰফ হুছেইন কবিৰে উল্লেখ কৰে (Child marriage rates in Assam) ৷

বাল্যবিবাহৰ ক্ষেত্ৰত বহু উকিলে নটাৰীৰ যোগেদি বিবাহ সম্পন্ন কৰোৱাই এই ক্ষেত্ৰত উদগনি যোগাই অহা বুলি আন এক গুৰুতৰ অভিযোগ তুলি তেওঁ পুনৰ কয় যে, সঠিক শিক্ষা আৰু উপযুক্ত সচেতনতাৰ জৰিয়তে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ এন আৰ চিৰ ভেৰিফিকেচনৰ সময়ত বাল্যবিবাহৰ ভয়ংকৰ তথ্য সংখ্যালঘু অঞ্চলত পোহৰলৈ অহা বুলিও তেওঁ মন্তব্য কৰে (Child marriage news)৷ গতিকে এই বাল্যবিবাহ ৰোধৰ বাবে চৰকাৰ, প্ৰশাসন, ৰাইজ আৰু বিশেষকৈ সংখ্যালঘু অঞ্চলৰ ৰাইজক একেলগে ঠিয় দিবলৈ আহ্বান জনাই আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মুশ্বাৰফ হুছেইন কবিৰে ৷ 

লগতে পঢ়ক: Assam drive against child marriage: আটকাধীন লোকৰ আত্মীয়ই উত্তপ্ত কৰিলে মাজুলী থানাৰ চৌহদ

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.