পৌৰ নিগমৰ এখন আসন দখল কৰা আম আদমি পাৰ্টীৰ দৃ্ষ্টি এতিয়া পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত

By

Published : Apr 24, 2022, 3:24 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail
গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত বৰ্তমানলৈ আম আদমি পাৰ্টীৰ এজন প্ৰাৰ্থী জয়ী (GMC Election Results 2022)৷ ৪২ নং ৱাৰ্ডত জয় লাভ কৰে আপৰ প্ৰাৰ্থী মাছুমা বেগমে (AAP wins one seat of GMC)। আপৰ প্ৰাৰ্থী মাছুমা বেগমে জয়ী হোৱা পাছতে উৎফুল্লিত হৈ পৰিছে আপ । দুৰ্নীতি নকৰাকৈ ৪২ নং ৱাৰ্ডৰ কাম কাজ কৰি যাব মাছুমা বেগমে- এই মন্তব্য আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীৰ । তেওঁ বিজেপিক সমালোচনা কৰি কয় যে বিজেপিয়ে ধৰ্মৰ ৰাজনীতি কৰে, ধৰ্মৰ ৰাজনীতি পাহৰিব পৰা নাই । ধৰ্মৰ ৰাজনীতি পাহৰি কৰ্মৰ ৰাজনীতি কৰিবলৈ আহ্বান জনায় আপৰ ৰাজ্যিক সমন্বয়কগৰাকীয়ে । নহ'লে অচিৰেই বিজেপিক ঝাড়ু মাৰি আঁতৰাই পঠিয়াব বুলি মন্তব্য কৰে ৰাজ্যিক সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে । পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ বাবে পৰিকল্পন কৰিছে আপে ৷
Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.