Protest Against Manipur incident:মণিপুৰ কাণ্ডক লৈ সত্ৰ নগৰী মাজুলীত আম আদমী পাৰ্টীৰ কেণ্ডেল মাৰ্চ - আম আদমী পাৰ্টী মাজুলী জিলা সমিতি
🎬 Watch Now: Feature Video
মাজুলী, 25 জুলাই : সাম্প্ৰতিক সময়ৰ মণিপুৰৰ যি অশান্ত পৰিস্থিতি সেই পৰিস্থিতি শান্ত হোৱাৰ কামনাৰে মঙলবাৰে সত্ৰ নগৰী মাজুলীৰ জেংৰাইমুখত আম আদমী পাৰ্টী মাজুলী জিলা সমিতিয়ে বন্তি প্ৰজ্বলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । মণিপুৰবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰাৰ লগতে ৰাজ্যখনলৈ শান্তি ঘূৰাই অনাৰ দাবীত সত্ৰ নগৰী মাজুলীত আম আদমী পাৰ্টী মাজুলী জিলা সমিতিয়ে সোমবাৰে সন্ধিয়া মাজুলী জেংৰাইমূখত হাতে হাতে প্লে-কাৰ্ড লৈ এই কাৰ্যসূচী গ্ৰহণ কৰে ।
প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদকাৰী সকলে কয় যি সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এটা ফোন কৰিলে ৰাচিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ বন্ধ হৈ যায়, তেনে ক্ষেত্ৰত কিন্তু নিজৰ দেশতে তেওঁ যুদ্ধ ক্ষান্ত কৰিব পৰা নাই । প্ৰায় ৮০ দিন ধৰি মণিপুৰ জ্বলিয়েই আছে কিন্তু প্ৰধানমন্ত্ৰী তথা বিজেপি চৰকাৰে দায়িত্বহীনভাৱে আজিলৈকে কিয় মৌন তাকে লৈ কেণ্ডেল মাৰ্চ কৰে আম আদমী পাৰ্টীয়ে ।
লগতে পঢ়ক : Congress Protest in Majuli:মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণৰ দাবীত মঙলবাৰে প্ৰতিবাদ কংগ্ৰেছৰ