thumbnail

AABYSF central conference : চিলাপথাৰত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় অধিবেশন

By

Published : May 27, 2023, 5:03 PM IST

ধেমাজি,২৭ মে' : উদুলি-মুদুলি ধেমাজি জিলাৰ চিলাপথাৰৰ ভৈৰৱপুৰ নেতাজী সমন্বয় ক্ষেত্ৰ (AABYSF central conference)। শুকুৰবাৰৰ পৰা অনুষ্ঠিত হৈছে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় আৰু অষ্টম দ্বি-বাৰ্ষিক ধেমাজি জিলা অধিবেশন । শনিবাৰে অধিবেশন দ্বিতীয় দিন । অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱাই বৃক্ষৰোপণ কৰে জিলা উপায়ুক্ত অংকুৰ ভৰালী আৰু আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই ।

ইয়াৰ পাছতেই কেন্দ্ৰীয় সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি দীপক দে'য়ে । লগতে ২৬ খন জিলাৰ পতাকাও উত্তোলন কৰা হয় । শ্বহীদ তৰ্পণ কৰে কেন্দ্ৰীয় সম্পাদক বিজয় চন্দই ।

উল্লেখ্য যে অধিবেশনত বিভিন্ন জাতি-জনগোষ্ঠীয় দল-সংগঠনৰ নেতাসকলো উপস্থিত থাকে (All Assam Bengali Youth Students Federation)। অধিবেশনৰ ৩০ মে'ৰ মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাজনো মন্ত্ৰী, বিধায়কো উপস্থিত থাকিব । অন্তিম দিনৰ সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ লগতে কেইবাজনো বিশিষ্ট শিল্পী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Modi govt's 9th anniversary celebrations: বিজেপিৰ মুখ্য কাৰ্যালয়ত জিলা কাৰ্যালয় প্ৰবন্ধন সমিতিৰ সাংগঠনিক সভা

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.