Pond dug by JCB in Dibrugarh: জেচিবিয়ে খান্দি ৰখা দ’ পুখুৰীত পৰি এগৰাকী মহিলাৰ মৃত্যু - জেচিবিয়ে খান্দি ৰখা দ’ পুখুৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 15, 2023, 1:14 PM IST

ডিব্ৰুগড়, 15 জুন : গাঁতৰ নামত আৰু কিমান নিৰীহৰ প্ৰাণ যাব ! ৰাস্তাৰ কাষত গাঁত, ঘৰৰ চৌহদত গাঁত, সকলোতে এতিয়া গাঁতেই গাঁত ৷ কামৰ নামত খান্দি পেলাই থোৱা এই গাঁতসমূহ এতিয়া সাধাৰণ ৰাইজৰ বাবে হৈ পৰিছে মৰণফান্দ সদৃশ ৷ নিতৌ খবৰ আহিছে কাৰোবাৰ নহয় কাৰোবাৰ মৃত্যুৰ ৷ শেহতীয়াকৈ ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ খোৱাং বেতনি চাৰিআলিত জেচিবিয়ে খান্দি ৰখা এটা দ' পুখুৰীত পৰি এগৰাকী মহিলাৰ মৃত্যু হয় । মৃত্যু হোৱা মহিলা গৰাকীৰ নাম গুণদা দিহিঙীয়া (৪৮) ।

গুণদা দিহিঙীয়া নামৰ মহিলা গৰাকীয়ে ঘৰৰ হাঁহ বিচাৰি যাওঁতেই জেচিবিয়ে খান্দি ৰখা দ’ পুখুৰীত পিছলি পৰি অকাল মৃত্যুক সাৱটি লয় । পিচত খোৱাং আৰক্ষীয়ে নিশা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে । জানিব পৰা অনুসৰি ঘৰৰ চৌহদতে খান্দি থোৱা আছিল পুখুৰীটো ।

লগতে পঢ়ক : Storm in Barpeta Road: বৰপেটাৰোডত ঘৰৰ ওপৰত গছৰ ডাল পৰি এজৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.