Kalgachia accident news: কলগাছিয়াৰ শওঁপুৰত তীব্ৰবেগী ডাম্পাৰে পিছফালৰ পৰা খুন্দা মাৰিলে ট্ৰেক্টৰত - Kalgachia

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 3, 2023, 2:16 PM IST

কলগাছিয়া, 3 জুন : কলগাছিয়াৰ শওঁপুৰত পথ দুৰ্ঘটনা । তীব্ৰবেগী ডাম্পাৰে পিচফালৰ পৰা খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা । দুয়োখন বাহনৰে বিস্তৰ ক্ষতিসাধন হয় । কথমপি প্ৰাণ ৰক্ষা পৰে চালক অৰু হেণ্ডিমেনৰ (Dumper hits tractor from behind at Kalgachia) ।

কলগাছিয়াত এতিয়া তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্যত অতিষ্ঠ হৈ পৰিছে ৰাইজ । দিনে নিশাই অবৈধ মাটি, বালি কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰে ভীতিগ্ৰস্ত কৰি ৰাখিছে সৰ্বসাধাৰণ ৰাইজক । এই তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই সঘনাই সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা ।

দুৰ্ঘটনাৰ বাবে ৰাইজে জগৰীয়া কৰিছে বন বিভাগক ৷ ৰাজ্যত অব্যাহত আছে অবৈধ নদী খনন কাৰ্য । কাৰ ছত্ৰছায়াত বালি মাফিয়াই অবাধে চলাইছে লুণ্ঠন তাকে লৈ প্ৰশ্ন কৰিছে এতিয়া ৰাইজে । চকুমুদা কুলিৰ ভাও ধৰিছে বন-বিভাগে । দিনৰ পৰা আৰম্ভ কৰি ৰাতিলৈকে চলে অবৈধ বালি খনন । এই খনন কাৰ্যৰ বিৰুদ্ধে বন বিভাগে নীৰব ভূমিকা পালন কৰাটোৱে ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে । কলগাছিয়াত সঘনাই পথ-দুৰ্ঘটনা হৈ থকাৰ পিচতো স্থানীয় আৰক্ষী, বন বিভাগৰ লগতে পৰিবহণ বিভাগৰ নীৰৱতাই ক্ষোভিত কৰি তুলিছে ৰাইজক ।

আজিও অবৈধ বালি কঢ়িওৱা AS 01 HC 1636 নম্বৰৰ ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই বালি কঢ়িওৱা AS15AC2259 নম্বৰৰ ট্ৰেক্টৰ এখনক পিচফালৰ পৰা খুন্দা মৰাৰ ফলত ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় (Kalgachia accident news) । এই পথ দুৰ্ঘটনাৰ ফলত কোনো ধৰণৰ হতাহতি হোৱা নাই যদিও ঘটনা সংঘটিত হোৱাৰ পিছতেই ডাম্পাৰ আৰু ট্ৰেক্টৰৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় বুলি জানিব পৰা গৈছে । এতিয়া বিভাগীয় কৰ্তৃপক্ষই অবৈধ বলি কঢ়িওৱা ডাম্পাৰ আৰু ট্ৰেক্টৰৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক : Unknown person cuts trees : ঘুনাসূতিত দুৰ্বৃত্তই কাটি তহিলং কৰিলে মনোৰঞ্জন টাইদে ৰোপণ কৰা বহু মূল্যবান গছ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.