Uday Asom killed in police encounter: সোণাৰিৰ পুৰণি জবকা গাঁৱত শোকাকুল পৰিৱেশ - আলফা স্বা ৰ সদস্য উদয় অসম
🎬 Watch Now: Feature Video
ডিব্ৰুগড়, ৯ ফেব্ৰুৱাৰী: আলফা চৰকাৰৰ মাজত আলোচনা প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ আলফা চৰকাৰৰ মাজৰ আলোচনা আগবঢ়াই নিয়াৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছিল । কিন্তু সময় পাৰ হৈ যোৱাৰ লগে লগে সলনি হৈ পৰিল সকলো পৰিবেশ । মুখ্যমন্ত্ৰীয়ে আলোচনাৰ কথা কৈ থকা সময়তে বৃহস্পতিবাৰে পুৱতি নিশা মাৰ্ঘেৰিটাত আৰক্ষী আৰু আলফা(স্বাঃ)ৰ মাজত সংঘৰ্ষ হয়(Encounter between Police ULFA I in Tinsukia) ।
আৰক্ষী আৰু আলফা(স্বা)ৰ সদস্যৰ মাজত হোৱা প্ৰচণ্ড গুলীয়াগুলীৰ ফলত নিহত হয় আলফা(স্বা)ৰ সদস্য উদয় অসম(ULFA I cadre killed in encounter) । এই সংঘৰ্ষত আন কেইবাজনো আহত হোৱাৰ খবৰ ওলাইছে । ইফালে আজি উদয় অসমৰ(ULFA-I field commander Uday Asom) আৰক্ষীৰ গুলীত নিহত হোৱাৰ খবৰৰ পাচতেই তেওঁৰ সোণাৰিৰ পুৰণি জবকা গাঁৱত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । ২০১২ চনতে ঘৰৰ পৰা কামলৈ বুলি ওলাই যোৱাৰ পাচতে আলফাত যোগদান কৰিছিল উত্তম লাহন ওৰফে উদয় অসমে ।
নিহত উদয় অসম পুৰণি জবকাৰ বাসিন্দা প্ৰয়াত পদু লাহন আৰু গণিতা লাহনৰ তৃতীয় পুত্ৰ । আজি পুৱাৰ ভাগত আৰক্ষী আৰু আলফা স্বাধীনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত উত্তম লাহন ওৰফে উদয় অসম নিহত হোৱাৰ খবৰ সংবাদ মাধ্যমযোগে পোৱাৰ পাচতেই এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে তেওঁৰ গৃহত(Operation against rebel group in Tinsukia) । উত্তম লাহন ওৰফে উদয় অসমৰ মাতৃয়ে জানিবলৈ দিয়া অনুসৰি আৰক্ষী বা প্ৰশাসনৰ লোকে উদয় অসমৰ সম্পৰ্কে কোনোধৰণৰ খবৰ অৱগত কৰা নাই ।
উত্তম লাহন ওৰফে উদয় অসমৰ মাতৃয়ে কেৱল মাত্ৰ সংবাদ মাধ্যমত দেখিহে উদয় অসমৰ মৃত্যু খবৰ লাভ কৰিছে বুলি জানিবলৈ দিয়ে(ULFA I activities in Assam) । আলফালৈ যোৱাৰে পৰা আজি পৰ্যন্ত উদয় অসমক দেখা নাই বুলি মাতৃয়ে সংবাদ মাধ্যমৰ আগত আৱেগিকভাৱে কয় । তেওঁ উত্তম লাহন ওৰফে উদয় অসমৰ যদি সঁচাকৈয়ে মৃত্যু হৈছে তেন্তে তেওঁৰ মৃতদেহ সোনকালে পৰিয়ালটোক চমজাই দিবলৈ চৰকাৰক আহ্বান জনায় ৷
লগতে পঢ়ক: ULFA Cadre killed: তিনিচুীয়াত সেনা-আৰক্ষীৰ গুলীত নিহত আলফা (স্বাঃ)ৰ কেডাৰ উদয় অসম