Humanity in Mariani: ঠিকনাবিহীন এগৰাকী আইতাৰ কাষত তিতাবৰ প্ৰতিবন্ধী মূকবধিৰ বিদ্যালয়

By

Published : Feb 2, 2023, 2:21 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

যোৰহাট, 2 ফেব্ৰুৱাৰী: এগৰাকী আইতা ৷ আইতাগৰাকীৰ নাম কুসুম বেগম ৷ বয়স ৬০ উদ্ধৰ হ’ব ৷ কিন্তু আইতাগৰাকীৰ আপোন বুলিবলৈ নাই কোনো লোক ৷ যি এগৰাকী আপোন বুলিলৈ আছিল সেইগৰাকীও নিয়তিৰ ওচৰত হাৰ মানি আইতাক অকলশৰীয়া কৰি থৈ গুচি গ’ল অজনা পৃথিৱীলৈ ৷ তাৰ পিছৰ পৰাই আৰু অধিক অকলশৰীয়া হৈ পৰিল আইতাগৰাকী ৷

25 বছৰ পূৰ্বৰ কথা ৷ আজিৰ পৰা 25 বছৰ পূৰ্বে কুসুম অৰ্থাৎ আইতাগৰাকী পথত অনাই বনাই ঘূৰি ফুৰিছিল ৷ আইতাগৰাকীক অকলে এনেদৰে দেখি আৰিফা নামৰ এগৰাকী মহিলাই মহানুৱতাৰ পৰিচয় দি আইতাগৰাকীক লৈ আহিছিল নিজ গৃহলৈ ৷ আইতাগৰাকীয়েও আৰিফাক এগৰাকী সংগী পাইছিল ৷ আনহাতে অকলশৰীয়া আৰিফাও আইতাগৰাকীক লৈ বনাই লৈছিল নিজৰ দুজনীয়া এটা পৰিয়াল ৷ তাৰ পিছৰে পৰা দুয়ো ইগৰাকীয়ে আনগৰাকীৰ পৰিপূৰক হৈ পৰিছিল ৷

কুসুম আৰু আৰিফাই সুদীৰ্ঘ ২৫ টা বছৰে দুয়ো দুয়োৰে সুখ-দুখৰ সমভাগী হৈ আহিছিল  ৷ দুয়ো অ-বিবাহিতাই এনেকৈয়ে একেলগে পাৰ কৰিছিল 25 টা বছৰ ৷ কিন্তু 25 বছৰ পিছত আকৌ এবাৰ আইতাগৰাকী হৈ পৰিল অকলশৰীয়া ৷ কাৰণ কুসুমৰ লগত থাকিবলৈ আৰিফা আৰু নাই ৷ নিয়তিৰ ওচৰত হাৰ মানি কুসুমক অকলশৰীয়া কৰি অজান পৃথিৱীলৈ গুচি গ’ল আৰিফা ৷

এতিয়া পুনৰ এবাৰ অকলশৰীয়া হৈ পৰিল কুসুম ৷ গাঁৱৰ মানুহেও কিমান দিন খোৱা বোৱাকে ধৰি বিভিন্ন দায়িত্ব ল’ব ৷ কোনে কুসুমক চোৱামেলা কৰিব আৰিফা দৰে ? সেয়েহে গাঁৱৰ ৰাইজে সিদ্ধান্ত ললে কুসুম আইতাক বৃদ্ধাশ্ৰমলৈ পঠোৱাৰ ৷

অৱশেষত অকলশৰীয়া আইতাগৰাকীৰ কাষত থিয় দিলেহি তিতাবৰ প্ৰতিবন্ধী মূকবধিৰ বিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ কৰ্তৃপক্ষৰ বিষয়ববীয়া (A school of deaf and dumb set an example of humanity ) ৷ আজি তিতাবৰ প্ৰতিবন্ধী মূকবধিৰ বিদ্যালয় আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত যোৰহাটৰ এখন বৃদ্ধাশ্ৰমলৈ লৈ অনা হ’ল আইতাগৰাকীক ৷ আজিৰে পৰা ঠিকনা বিহীন কুসুম বেগমৰ ঠিকনা হ’ল যোৰহাট ৰয়েল ৰোডৰ বৃদ্ধাশ্ৰম ৷ এইগৰাকী বৃদ্ধাক কাষত পাই উৎফুল্লিত হৈ পৰিছে বৃদ্ধাশ্ৰমৰ আৱাসীসকলক ।

লগতে পঢ়ক: Kolija aaita passes away: সকলোৰে মৰমৰ কলিজা আইতাৰ দেহাৱসান

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.