Dhemaji news:শিক্ষামন্ত্ৰীৰ সমষ্টিত শিক্ষাখণ্ডত শিক্ষকবিহীনভাৱে চলি আছে এখন বিদ্যালয় - শিক্ষকৰ উপস্থিতি অনিয়মীয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11-10-2023/640-480-19738169-thumbnail-16x9-dhemaji.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 11, 2023, 2:33 PM IST
ধেমাজি, 11 অক্টোবৰ : ধেমাজিৰ শিক্ষাখণ্ডৰ অধীনৰ জপৰা প্ৰাথমিক বিদ্যালয়ত বিগত দুই তিনিমাহৰ পৰাই বিদ্যালয়ত শিক্ষকৰ উপস্থিতি অনিয়মীয়া ৷ অভিযোগ মতে, ৩২গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বিদ্যালয়খনত তিনিজন শিক্ষক আছিল যদিও ইতিমধ্যে দুজন বদলি হোৱাৰ পিচত এজনে অৱসৰ গ্ৰহণ কৰে ৷ ইয়াৰ পিচৰে পৰা শিক্ষকবিহীনভাৱে চলি আছে বিদ্যালয়খন ৷
কিছুদিনৰ বাবে এটেষ্টমেন্টত এগৰাকী শিক্ষয়িত্ৰী পাঠদান কৰিবলৈ আহিছিল যদিও বৰ্তমান সেইগৰাকী শিক্ষয়িত্ৰীও উপস্থিত নথকাত হাহাকাৰ লাগিছে অভিভাৱকৰ মাজত ৷ ইপিনে এই বিষয়ে পৰিচালনা সমিতিয়ে জিলা শিক্ষা বিষয়া লিখিত অভিযোগ দিয়াৰ পিচতো আজিকোপতি বিষয়টো গুৰুত্ব দিয়া নাই। সেয়ে উপায়ন্তৰ হৈ বিদ্যালয়ৰ পৰিচালনা সমিতিয়ে কণ কণ শিক্ষাৰ্থীসকলৰ স্বাৰ্থত গাঁৱৰে দুগৰাকী যুৱকৰ হতুৱাই বিদ্যালয়ত পাঠদান কৰোৱাইছে ৷
আনহাত স্থায়ী শিক্ষক নথকাৰ বাবেই বিদ্যালয়ৰ চুকত বস্তায়ে বস্তায়ে ভেকুঁৰ লাগি নষ্ট হৈছে মধ্যাহ্ন ভোজনৰ চাউল । এনেক্ষেত্ৰত কণ কণ শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ পৰিছে বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু অভিভাৱক ৷ অচিৰেই দুজন শিক্ষকক বিদ্যালয়ত নিয়োজিত কৰিবলৈ শিক্ষামন্ত্ৰীক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : Mising Autonomous Council:মিচিং স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন