thumbnail

নিশা 11 বজাত ওলাইছিল বনভোজলৈ; এতিয়া লংকা থানাৰ সন্মুখত চলিছে প্ৰীতিভোজ

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 4:24 PM IST

হোজাই, 5 জানুৱাৰী : দেৰগাঁৱৰ বাছ দুৰ্ঘটনাৰ শোক চাগে কেতিয়াও মাৰ নাযাব ৷ কিন্তু ঘটনাটোৰ এসপ্তাহো পাৰ হোৱা নাই, অথচ আৰক্ষীয়ে ধৰা পেলাইছে ইটোৰ পিচত সিটো SOP ভংগকাৰী বনভোজকাৰী দল ৷ বালিজানৰ শিহৰণকাৰী বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ পিচতেই আৰক্ষীয়ে বনভোজ সন্দৰ্ভত জাৰি কৰে এখন পৰামৰ্শমূলক SOP, য’ত মানুহৰ সুৰক্ষাৰ বাবেই বিভিন্ন নীতি-নিয়ম উল্লেখ আছে ৷ কিন্তু পৰিলক্ষিত হৈছে যে কোনেও এই SOP অনুসৰণ কৰা নাই ৷  শেহতীয়াকৈ আৰক্ষীৰ জালত পৰে চৰাইদেউৰ এটা বনভোজকাৰীৰ দল ৷ জানি আচৰিত হ’ব যে দলটো নিশা প্ৰায় 11 টা মান বজাত ঘৰৰ পৰা ওলাইছিল ৷

বনভোজৰ SOP ভংগ কৰি তথা বন্ধৰ দিনত বনভোজ খাবলৈ আহি বিপদত পৰে বনভোজকাৰী দলটো । শিৱসাগৰৰ চৰাইদেউৰ পৰা লংকা হৈ ডিমা হাছাওত বনভোজ খাবলৈ যোৱা বনভোজকাৰী দলৰ গাড়ী লংকা আৰক্ষী থানাৰ সন্মুখত ৰখাই থোৱা হৈছে । উপায়ন্তৰ হৈ তেওঁলোকে লংকা আৰক্ষী থানাৰ সন্মুখতে গাড়ীৰ পৰা নমালে খাদ্যবস্তু । চৰাইদেউৰ পৰা নিশাই ডিমা হাছাওলৈ বুলি ওলাইছিল দলটো । পুৱা লংকাত উপস্থিত হয় বনভোজৰ দলটো ৷ কিন্তু চকা বন্ধৰ বাবে যাব নোৱাৰিলে নিজৰ গন্তব্য স্থানলৈ । উল্লেখ্য যে, আৰক্ষীয়ে জব্দ কৰা নাই বনভোজৰ বাহনখন । মটৰ পৰিবহন সন্থাৰ বন্ধৰ কথা লংকাত অৱগত হৈহে লংকা আৰক্ষীৰ পৰামৰ্শ মৰ্মে লংকা আৰক্ষী থানাৰ সন্মুখতে অৱস্থান কৰে বনভোজকাৰী দলটোৱে । একো উপায় নাপায় থানাৰ সন্মুখতেই ভাত ৰান্ধি খাবলৈ যো-জা চলাই বনভোজকাৰী দলটোৱে ।

লগতে পঢ়ক : পিকনিকক লৈ জাৰি কৰা SOP সন্দৰ্ভত কিমান সচেতন আপুনি ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.