Murkongselek Rangia Train: বিশ্বনাথ চাৰিআলিত চলন্ত ৰে'লৰ ওপৰত বাগৰিল গছ

🎬 Watch Now: Feature Video

thumbnail

বিশ্বনাথ, ৩ নৱেম্বৰ : বিশ্বনাথ চাৰিআলিত শুকুৰবাৰে সংঘটিত হ'ল অঘটন । চলন্ত ৰে'লৰ ওপৰত বাগৰি পৰিল এজোপা গছ ৷ অৱশ্য়ে কথমপি ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল নামনিমুৱা মূৰ্কংচেলেক-ৰঙিয়া অভিমুখী ১৫৮৯৬ নম্বৰৰ ৰে'লখন ৷ উল্লেখ্য় যে বিশ্বনাথ চাৰিআলি ৰে'ল ষ্টেচনৰ পৰা দুই-তিনি কিলোমিটাৰ অতিক্ৰম কৰাৰ পিছতেই এই ঘটনাটো সংঘটিত হয় ।

নামনিমুৱা মূৰ্কংচেলেক-ৰঙিয়া অভিমুখী ১৫৮৯৬ নম্বৰৰ ৰে'লখন উক্ত ঠাইখিনি অতিক্ৰিম লওঁতেই ৰে'ললাইনৰ কাষতে এজন লোকে কাটি থকা এজোপা গছ হঠাৎ বাগৰি পৰে চলন্ত ৰে'লখনৰ ওপৰত ৷ ইয়াৰ ফলত একাধিক যাত্ৰী সামন্যভাৱে আহত হয় ৷ ঘটনাটো সংঘটিত হোৱা বাবে ২০ মিনিট সময় ৰখায় দিব লগা হয় এই ৰে'লখন ৷ গছ কটা লোকজনৰ অসাৱধানতাৰ বাবেই এই ঘটনা সংঘটিত হয় ৷ ৰে'লৰ আগত গছ জোপা পৰা হ'লে ভয়াৱহ ঘটনা সংঘটিত হোৱাটো নিশ্চিত আছিল ৷ ইফালে, ৰে'ল আৰক্ষীয়ে এই লোকজনক উক্ত কাৰ্যৰ বাবে আটক কৰে ।

লগতে পঢ়ক:IG Conference of Assam Rifles : ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছে ভূমিকা লৈছে; মহাপৰিদৰ্শক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.