জীৱন ভিক্ষা বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জোনাইৰ দুৰ্ভগীয়া যুৱতীৰ

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 1:59 PM IST

thumbnail

জোনাই, 6 ডিচেম্বৰ : ‘‘মই জীয়াই থাকিব বিচাৰো ৷ মোক সহায় কৰক মামা ৷’’ এইদৰে মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনালে এগৰাকীৰ অসহায় যুৱতীয়ে ৷ জোনাইৰ ভেকেলী গাঁৱৰ হেমপ্ৰভা দলে নামৰ যুৱতীগৰাকী বিগত এটা বছৰে জটিল ৰোগত আক্ৰান্ত হৈ আছে ৷ চিকিৎসা কৰিও সুস্থ হৈ উঠা নাই দলে ৷ ইফালে, যুৱতীগৰাকীৰ চিকিৎসাৰ বাবে প্ৰয়োজন বৃহৎ পৰিমাণৰ ধন ৷

কিন্তু যুৱতীগৰাকীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন যোগান ধৰিব পৰা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ ইফালে অসহায় পৰিয়ালটোৱে যুৱতীগৰাকীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় আৰ্থিক সহায় বিচাৰি বিধায়ক ভূৱন পেগু আৰু মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সৈতে যোগাযোগ কৰিছিল ৷ কিন্তু দুই জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ সঁহাৰি নিদিয়াৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ৷ সেয়ে মুখ্যমন্ত্ৰীৰ সহায় বিচাৰি সংবাদমাধ্যৰ জৰিয়তে কাতৰ আহ্বান জনালে ভুক্তভোগী যুৱতীগৰাকীয়ে ৷

যদিহে কোনো সদাশয় ব্যক্তিয়ে যুৱতীগৰাকীক আৰ্থিক সহায় কৰিব বিচাৰে তেতিয়া হ’লে 88129-75314 নম্বৰত যোগাযোগ কৰিব পাৰিব অথবা হেমপ্ৰভা দলেৰ বেংক একাউন্ট A/C No. 34036424085, IFSC: SBIN0005557 নম্বৰত আৰ্থিক সহায়ৰ বাবে আহ্বান জনায় ভুক্তভোগী দলেয়ে ৷ 

লগতে পঢ়ক : চিলাপথাৰ আৰক্ষী থানাৰ নৱ-নিৰ্মিত ভৱন উদ্বোধন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.