16 মাহতে পবিত্ৰ কোৰান মুখস্থ কৰি চৰ্চাত 12 বছৰীয়া এটি শিশু - Memorized Holy Quran

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 4:42 PM IST

নগাঁও, 27 ডিচেম্বৰ : নগাঁৱৰ ৰূপহীহাটৰ এটি 12 বছৰীয়া শিশুৱে সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক চৰ্চা ৷ চৰ্চাৰ কাৰণ আন একো নহয়, মাত্ৰ 16 মাহতে ইছলাম ধৰ্মৰ পবিত্ৰ কোৰান শ্বৰীফ মুখস্থ কৰি চর্চা লাভ কৰিছে ৰূপহীহাটৰ 12 বছৰীয়া শিশুটিয়ে ৷

মাত্ৰ 12 বছৰ বয়সতেই কোৰান মুখস্থ কৰি এগৰাকী হাফিজ হ'বলৈ সক্ষম হৈছে ৰূপহীহাটৰ মোস্তাক আহমেদ নামৰ শিশুটিয়ে ৷ ৰূপহীহাটৰ তেলিয়াচাপুৰী হায়াতুল উলুম ইছলামীয়া মাদ্ৰাছাৰ ছাত্ৰ মোস্তাক আহমেদ ৷ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান 12 বছৰীয়া মোস্তাক আহমেদ ৷  

সম্পূৰ্ণ কোৰান মুখস্থ কৰিবলৈ সাধাৰণতে প্ৰয়োজন হয় তিনি বছৰৰ ৷ কিন্তু মাত্ৰ 16 মাহতে সম্পূৰ্ণ কোৰান শ্বৰীফ মুখস্থ কৰিলে 12 বছৰীয়া মুস্তাক আহমেদে ৷ মুস্তাক আহমেদৰ এনে অসাধাৰণ সাফল্যত উৎফুল্লিত মাদ্ৰাছাখনৰ শিক্ষক, পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী ৷ 

লগতে পঢ়ক : শৰীৰ চৰ্চাৰে জিলিকিল মাজুলীৰ ভাস্কৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.