thumbnail

By

Published : Jun 21, 2023, 1:05 PM IST

ETV Bharat / Videos

International Yoga Day 2023: ডিব্ৰুগড়ত যোগ দিৱসত মন্ত্ৰী অজন্তা নেওগ

মৰাণ, ২১ জুন: ডিব্ৰুগড়ত অনুষ্ঠিত হ'ল নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । 'বসুধৈৱ কুটুম্বকমৰ বাবে যোগাসন' শীৰ্ষক শ্লোগানেৰে অনুষ্ঠিত হয় এই যোগ দিৱস । ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ডিব্ৰুগড়ৰ মিলন নগৰস্থিত মাল্টিপাৰপাছ ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু যোগ প্ৰদৰ্শনৰ কাৰ্যসূচী ।

এই কাৰ্যসূচী বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বিত্তমন্ত্ৰী অজন্তা নেওঁগে । ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে যোগাসনৰ আদৰণি ভাষণ প্ৰদান কৰা যোগ দিৱসত অংশগ্ৰহণ  কৰে সহস্ৰাধিক লোকে । এই অনুষ্ঠানত অংশ কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে এই যোগ কাৰ্যই সমগ্ৰ বিশ্বক একত্ৰিত কৰে । বিশ্বলৈ শান্তি কঢ়িয়াই আনে । সেয়েহে তেওঁ সকলোকে যোগ কাৰ্যৰ প্ৰতি আগবঢ়ি আহিবলৈ আহ্বান জনাই ।  

লগতে পঢ়ক:International Yoga Day : তেজপুৰৰ যোগ দিৱসত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.