International Yoga Day : তেজপুৰৰ যোগ দিৱসত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

By

Published : Jun 21, 2023, 10:04 AM IST

thumbnail

তেজপুৰ, 21 জুন : সমগ্ৰ বিশ্বৰ লগতে আজি তেজপুৰত শোণিতপুৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰে নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । শোণিতপুৰ জিলা প্ৰশাসনে অনুষ্ঠিত কৰা এই যোগ দিৱসত তেজপুৰ সদৰৰ কেন্দ্ৰীয় সুৰক্ষা বাহিনী এছ এছ বি আৰক্ষী আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে । 

মন্ত্ৰী দাসে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2015 চনৰ পৰা 21 জুনৰ দিনটোত এই যোগাভ্যাস অনুষ্ঠান অনুষ্ঠিত কৰা হৈ আহিছে । পূৰ্বতে ঋষি মুনিসকলৰ মাজত যিদৰে এই যোগাভ্যাস তথা প্ৰাণায়মৰ নিয়মিত প্ৰচলন আছিল ঠিক সেইদৰে বৰ্তমানেও সকলো লোকে নিজৰ শৰীৰ-মন সুস্থ ৰাখিবলৈ এই যোগাভ্যাস কৰাৰ প্ৰয়োজনীয়তা আছে বুলি কয় মন্ত্ৰাগৰাকীয়ে ।

লগতে পঢ়ক : Bishnu Prasad Rabha : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক মৃত্যু বাৰ্ষিকীত স্মৰণ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.