Thieves arrested in New Guwahati: ৰে'লৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগত ৭ চোৰক গ্ৰেপ্তাৰ - 7 thieves trapped by railway police
🎬 Watch Now: Feature Video
Published : Aug 26, 2023, 8:27 PM IST
গুৱাহাটী,২৬ আগষ্ট: ৰে'লৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগত নিউ গুৱাহাটী ৰে'লৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৭ টাকৈ চোৰক । ধৃত চোৰ কেইটা হৈছে দক্ষিণ শালমৰাৰ পি আৰ জহামুল্লা, ৰাজাক হুছেইন, মুছদুৰ শ্বেখ, গুৱাহাটীৰ ৰূপনগৰৰ মংগল বাহাদুৰ, বৰপেটাৰ বনজিৎ দাস, বকোৰ কাদিৰ আলী আৰু শুৱালকুছিৰ ৰফিকুল আলী ।
ৰে'ল আৰক্ষীয়ে জনোৱা অনুসৰি দীৰ্ঘদিন ধৰি চোৰকেইটাই ভুৱা নথি-পত্ৰ দেখুৱাই নিউ গুৱাহাটী ৰে'লৱে আৰক্ষী থানাৰ সমীপত বাহনত লোড কৰিছিল ৰে'ল বিভাগৰ বিভিন্ন সামগ্ৰী । জানিব পৰা মতে যোৱা ২৪ আগষ্টৰ নিশাৰ ভাগত AS-01-FC-2750 নম্বৰ বাহনত লোড কৰিছিল ১১ টাকৈ বিদ্যুৎ সংযোগী খুঁটা । খুঁটা কেইটা লোড কৰি বাহিৰলৈ লৈ যোৱাৰ চেষ্টা চলোৱাৰ সময়তে ৰে'ল আৰক্ষীৰ জালত পৰে চোৰকেইটা । ইফালে এই ঘটনাৰ ২ মাষ্টাৰ মাইণ্ড বৰ্তমানো পলাতক হৈ আছে বুলি উল্লেখ কৰে ৰে'ল আৰক্ষীয়ে ।
লগতে পঢ়ক: Awareness meeting in Nalbari: ড্ৰাগছৰ দৰে সামাজিক ব্যাধিৰ বিৰুদ্ধে সজাগতা সভা