thumbnail

By

Published : May 13, 2023, 5:26 PM IST

ETV Bharat / Videos

Students suffering in Mass hysteria: বৰপেটাৰ চেনিমাৰীত মাছ হিষ্টেৰিয়াত আক্ৰান্ত ৭ গৰাকী ছাত্ৰী

বৰপেটা,১৩ মে': বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ অন্তৰ্গত চেনিমাৰী আজাদ মেমোৰিয়েল হাইস্কুলত শনিবাৰে সংঘটিত হয় এক অঘটন । চেনিমাৰী আজাদ মেম'ৰিয়েল হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ । বিদ্যালয়ৰ প্ৰথম শ্ৰেণী চলি থকা অৱস্থাতে ৭ গৰাকী ছাত্ৰী অসুস্থ হৈ পৰে (7 students fall ill ongoing class in Barpeta) ৷  

প্ৰথম অৱস্থাত ২ গৰাকী ছাত্ৰী হঠাতে অচেতন হৈ পৰে । এই ঘটনাৰ পাচতে আকৌ পাঁচগৰাকীকৈ ছাত্ৰী অচেতন হৈ পৰে । অসুস্থ ছাত্ৰীসকলক লগে লগে চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও আটাইকেইগৰাকী ছাত্ৰীৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসকে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে (7 students suffering from Mass hysteria in Barpeta) ।  

চিকিৎসকে এয়া মাছ হিষ্টেৰিয়াৰ লক্ষণ বুলি উল্লেখ কৰিছে (Students suffering in Mass hysteria) ৷ মানসিক চাপ অথবা দুৰ্বলতাত ভুগিলেও এনেকুৱা হ'ব পাৰে বুলি মন্তব্য কৰে চিকিৎসকে ৷ অচেতন হৈ পৰা ছাত্ৰীকেইগৰাকী হৈছে নৱম শ্ৰেণীৰ ৰৌচানাৰা বেগম, চুনিয়াৰা পাৰবিন, আমিনা খাতুন, আফৰুজা সিকদাৰ, অষ্টম শ্ৰেণীৰ ৰোজেনা পাৰবিন, সপ্তম শ্ৰেণীৰ নুৰনাহাৰ বেগম আৰু ৰেনিয়াৰা আহমেদ । 

লগতে পঢ়ক: Assam CM at Burachapori: কৰ্ণাটক নিৰ্বাচনত কংগ্ৰেছৰ বিজয় পূৰ্বৰ পৰাই নিশ্চিত আছিল : মুখ্যমন্ত্ৰী

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.