Food poisoning : খাদ্যৰ বিষক্ৰিয়া ঘটি চিকিৎসাধীন 60 জনৰো অধিক লোক

By

Published : Jul 7, 2023, 3:28 PM IST

thumbnail

জোনাই, 7 জুলাই : জোনাই ডেকাপাম অৱমনলা গাঁৱৰ শান্তিপুৰ নামঘৰৰ প্ৰসাদ খাই অসুস্থ 60 গৰাকীৰো অধিক ৷ কিশোৰ কিশোৰীকে ধৰি মুঠ 60 জনৰো অধিক লোকৰ খাদ্যত বিষক্ৰিয়া ঘটি অসুস্থ হৈ পৰে ৷ জানিব পৰা মতে, বুধবাৰে ডেকাপাম অৱমনলা গাঁৱৰ শান্তিপুৰ নামঘৰত সমূহীয়াভাৱে আঞ্চলিক ভাগৱত কীৰ্তন অনুষ্ঠিত কৰা হৈছিল । এই ভাগৱত নাম-কীৰ্তনৰ প্ৰসাদ খোৱাৰ পিচতে বৃহস্পতিবাৰৰ বিয়লিভাগৰ পৰা প্ৰসাদ গ্ৰহণ কৰা লোকসকলৰ দেহত জ্বৰ, মূৰৰ বিষ, পেটৰ বিষ, বমি, গাৰ বিষ আদি বিভিন্ন লক্ষণে দেখা দিয়ে ৷ ইয়াৰ পিচতে হাস্পতালত ভৰ্ত্তি কৰোৱা হয় 60 জনকৈ লোকক ।

খাদ্য বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰা ব্যক্তিসকলক বৰ্তমান ডেকাপাম অৱমনলা প্ৰাথমিক বিদ্যালয়ত অস্থায়ী শিবিৰ স্থাপন কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ অৱশ্যে সংকটজনক অৱস্থাত থকাকেইজনক উন্নত চিকিৎসাৰ বাবে ধেমাজি লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে  ।

লগতে পঢ়ক: 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.