thumbnail

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 7:42 AM IST

ETV Bharat / Videos

প্ৰয়াত ‌কংগ্ৰেছ নেতা চন্দন কুমাৰ সৰকাৰ সোৱঁৰণী অনুষ্ঠান

বঙাইগাঁও, 20 নৱেম্বৰ : বঙাইগাঁও জিলাৰ অভয়াপুৰীস্থিত জ্যোতি সাংস্কৃতিক অনুষ্ঠানত অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু NSUI ৰ সহযোগত প্ৰয়াত ‌কংগ্ৰেছ নেতা প্ৰাক্তন মন্ত্ৰী চন্দন কুমাৰ সৰকাৰৰ পঞ্চম মৃত্যু বাৰ্ষিকী অনুষ্ঠিত কৰা হয় ৷ এই উপলক্ষে আয়োজিত কৰা হয় বঙাইগাঁও জিলা ভিত্তিত ৰচনা, কবিতা আবৃত্তি আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ ৷ দেওবাৰে এই প্ৰতিযোগিতাসমূহৰ বিজয়ী প্ৰাৰ্থীলৈ বঁটা বিতৰণ কৰা হয় ।

প্ৰয়াত ‌প্ৰাক্তন মন্ত্ৰী চন্দন কুমাৰ সৰকাৰৰ পঞ্চম মৃত্যু বাৰ্ষিকী উপলক্ষে মন্ত্ৰীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু মাল্যাৰ্পন কৰে প্ৰয়াত মন্ত্ৰীগৰাকীৰ সন্তান তথা অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰে । বঙাইগাঁও জিলা ভিত্তিত আয়োজন কৰা ৰচনা, কবিতা আবৃত্তি আৰু চিত্ৰাংকণ প্ৰতিযোগিতাত স্থান দখল কৰাসকলক মানপত্ৰ, কিতাপ, কলম আৰু ট্ৰফী আগবঢ়োৱা হয় ।

বঁটা বিতৰণী সভাখনত স্থানীয় বিধায়ক প্ৰদীপ সৰকাৰ, জ্যেষ্ঠ কংগ্ৰেছ নেতা এম মুজাম্মেল হক, সাংসদ আব্দুল খালেক, বিধায়ক আব্দুল বাতেন খন্দকাৰ, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী আৰু সাংবাদিক বিনোদ বিহাৰী নাথ আদিয়ে প্ৰয়াত চন্দন কুমাৰ সৰকাৰৰ জীৱন-দৰ্শন সন্দৰ্ভত সাৰুৱা ভাষণ আগবঢ়ায় ৷

লগতে পঢ়ক : ৰতিকান্ত চৌধুৰীয়ে দান কৰিলে মছজিদ পথৰ মাটি, অঞ্চলটোৰ নাম এতিয়া প্ৰভাৱতী নগৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.