Mahapurush Haridev 598th birth anniversary: বহৰি সত্ৰত মহাপুৰুষ হৰিদেৱৰ ৫৯৮ সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱ পালন - মহাপুৰুষ হৰিদেৱ
🎬 Watch Now: Feature Video
বৰপেটা, ২১ আগষ্ট: সোমবাৰে ৰাজ্যুজুৰি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক, বহৰি সত্ৰৰ প্ৰতিষ্ঠাপক মহাপুৰুষ হৰিদেৱৰ ৫৯৮ সংখ্যক আবিৰ্ভাৱ তিথি পালন কৰা হৈছে ৷ ৰাজ্যখনৰ বিভিন্ন সত্ৰ, থান, নামঘৰ আৰু ৰাজহুৱা অনুষ্ঠানৰ লগতে আজি বহৰি সত্ৰতো বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ আৱিৰ্ভাৱ তিথি মহোৎসৱ পালন কৰে ৷
বহৰি সত্ৰত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে অন্যান্য কাৰ্যসূচীৰ লগতে ভাগৱত ভ্ৰমণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ বহৰি সত্ৰৰ বাটচ'ৰাৰ পৰা আৰম্ভ হোৱা ভাগৱত ভ্ৰমণ কাৰ্যসূচীয়ে বৃহত্তৰ বহৰি অঞ্চল পৰিভ্ৰমণ কৰে ৷
এই ভাগৱত ভ্ৰমণ কাৰ্যসূচীত গায়ন-বায়ন সমন্বিতে সত্ৰৰ ভকত বৈষ্ণৱ, আইসকলৰ লগতে কণ কণ শিশুসকলেও ভাগৱত ভ্ৰমণ কাৰ্যসূচীত ভাগ লয় ৷ ইফালে হৰিদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে নাম-প্ৰসংগ, ধৰ্মালোচনা সভা আদিও অনুষ্ঠিত হ’ব বুলি সত্ৰ সমিতিয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: Massive Erosion at Dibrugarh: কলী আই থানলৈ ভাবুকি, ব্ৰহ্মপুত্ৰত বিলীন শ শ কৃষিভূমি
TAGGED:
মহাপুৰুষ হৰিদেৱ