Birth anniversary of Srimanta Sankardeva: নগাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন - Statue of Gayan Bayan and Sutradhar unveiled
🎬 Watch Now: Feature Video
Published : Oct 15, 2023, 12:30 PM IST
নগাঁও, ১৫ অক্টোবৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ উদ্য়োগত আজি পালন কৰা হয় । তদুপলক্ষে দেওবাৰে নগাঁও জিলা শাখাৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ পৰা নগাঁও চহৰৰ মাজেৰে উলিওৱা হয় ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা । তাল খোল আৰু হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰে নগাঁও চহৰ ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও শাখাৰ উদ্যোগত উদযাপন কৰা গুৰুজনাৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে নগাঁও চহৰৰ মাজমজিয়াত গুৰুজনাৰ অপূৰ্ব সৃষ্টি গায়ন বায়ন আৰু সূত্ৰধাৰৰ পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । আৱৰ্ত ভৱনৰ সমীপতে নগাঁও পৌৰসভাৰ অধীনত নিৰ্মাণ কৰা গায়ন-বায়ন আৰু সূত্ৰধাৰৰ উন্মোচন কৰি বিধায়ক ৰূপক শৰ্মাৰ মন্তব্য । নগাঁও চহৰৰ মাজেৰে পাৰ হৈ যোৱা প্ৰতিজন লোকেই যাতে গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজি প্ৰত্যক্ষ কৰিব পাৰে তাৰ বাবেই গায়ন বায়ন আৰু সূত্ৰধাৰৰ পূৰ্ণাংগ মূৰ্তি নগাঁও চহৰৰ মাজমজিয়াত নিৰ্মাণ কৰা হৈছে ।
TAGGED:
শ্ৰীমন্ত শংকৰদেৱ সংঘ