Weightlifting Championship Competition : সৰুপথাৰত অনুষ্ঠিত ৫১সংখ্যক অসম ৰাজ্যিক ভাৰত্তোলন প্ৰতিযোগিতা

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 1:56 PM IST

thumbnail

সৰুপথাৰ, ১৩ অক্টোবৰ : সৰুপথাৰত চাৰিদিনীয়াকে অনুষ্ঠিত হৈছে অসম ৰাজ্যিক ভাৰত্তোলন প্ৰতিযোগিতা । অসম ভাৰত্তোলন সন্থাৰ তত্বাৱধানত গোলাঘাট জিলা ভাৰত্তোলন সন্থা আৰু ধনশিৰি জিলা শৰীৰ কলা সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে ৫১ সংখ্যক অসম ৰাজ্যিক ভাৰত্তোলন প্ৰতিযোগিতাখন ।

ধনশিৰি জিলা ক্ৰীড়া সন্থা আৰু ভাৰতীয় জনতা যুৱ মৰ্চা, গোলাঘাট জিলাই পূৰ্ণ সহযোগিতা আগবঢ়াইছে । ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ পিচতেই ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰত্তোলন প্ৰতিযোগিতাত অংশ ল’ব পাৰিব ।

তাৎপৰ্যপূৰ্ণ যে, সৰুপথাৰত অনুষ্ঠিত ভাৰত্তোলনৰ এই প্ৰতিযোগিতাই ধনশিৰি মহকুমাত ক্ৰীড়াৰ ক্ষেত্ৰত অধিক তৰান্বিত কৰিব । অসমৰ ২১ খন জিলাৰ ৩৬০ গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাখনত ।

শুকুৰবাৰে সৰুপথাৰৰ ৰামধেনু মুকলি মঞ্চত অনুষ্ঠিত এই প্ৰতিযোগিতাত উপস্থিত থাকে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱা, অসম ভাৰত্তোলন সন্থাৰ সাধাৰণ সম্পাদক ভৱজ্যোতি গোস্বামী ৷

লগতে সন্থাটোৰ সন্মানীয় বিষয়ববীয়াসকল, ভাৰতীয় ভাৰত্তোলন জুনিয়ৰ দলৰ মুখ্য প্ৰশিক্ষক অলকেশ বৰুৱা, বড়ো-কছাৰী স্বায়ত্তশাসিত কল্যাণ পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰী উপস্থিত থাকে এই অনুষ্ঠানত ।

লগতে পঢ়ক : Arm wrestling: বিশ্ব পাঞ্জা প্ৰতিযোগিতাত স্বৰ্ণ পদকৰে জিলিকি উঠা মৃন্ময় তালুকদাৰক সম্বৰ্ধনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.