Rangia child missing : বৰলীয়া নৈত ডুব গ’ল নেকি মুস্তাকিন আলী ?
🎬 Watch Now: Feature Video
ৰঙিয়া, 1 মে’ : ৰঙিয়াৰ তুলসীবাৰীৰ জয়ন্তীপুৰত শোকাৱহ ঘটনা । বৰলীয়া নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈছে এটি 5 বছৰীয়া শিশু । মাতৃৰ সৈতে নৈত গা ধুবলৈ গৈছিল 5 বছৰীয়া কণমানিটোৱে । সন্ধানহীন শিশুটোৰ নাম মুস্তাকিন আলী বুলি জানিব পৰা গৈছে (Five year old child missing) ৷
জানিব পৰা মতে, মাতৃৰ সৈতে নৈত গা ধুবলৈ গৈছিল 5 বছৰীয়া মুস্তাকিন আলী ৷ মুস্তাকিনক মাকে গা-পা ধুৱাই পাৰত বহাই থৈ নিজে গা ধুবলৈ পানীত নামি যায় ৷ গা ধুই আহি মাকে মুস্তাকিনক পাৰত নেদেখি চিন্তিত হৈ পৰে (Rangia child missing) ৷ বহু সময় বিচাৰ খচাৰ কৰাৰ অন্ততটো মুস্তাকিনৰ কোনো খবৰে লাভ কৰিবলৈ সক্ষম নহ’ল ( 5 year old boy is Suspected death by drowning) ৷
খেলি থকা অৱস্থাতে বৰলীয়া নৈত ডুব যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ তাৰ পাচত খবৰ দিয়া হয় SDRF বাহিনীৰ লোকক ৷ ঘটনাস্থলীত SDRF বাহিনীৰ লোক উপস্থিত হৈ প্ৰায় তিনি ঘন্টাযোৰা উদ্ধাৰ অভিযান চলাই যদিও বাতৰি যুগুত কৰা পৰ্যন্ত শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিছে এতিয়া শোকৰ ছাঁ ৷
লগতে পঢ়ক : Death by drowning: পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি দুই কিশোৰীৰ