জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ সময়ত ৫ টাকৈ পথ দুৰ্ঘটনা, নিহত ৫ - 15 নং ৰাষ্ট্ৰীয় ঘাইপথ
🎬 Watch Now: Feature Video


Published : Dec 27, 2023, 12:30 PM IST
তেজপুৰ, 27 ডিচেম্বৰ: শোণিতপুৰৰ বালিপৰাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে নিশা মৃত্যুৰ কিৰিলি ৷ একেটা নিশাতে 5 টাকৈ শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ জিলাখনৰ ভিন্ন ঠাইত সংঘটিত হোৱা দুৰ্ঘটনাকেইটাত 5 জনকৈ লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, বালিপৰাত অনুষ্ঠিত হোৱা জুবিনৰ সংগীতানুষ্ঠান চাবলৈ আহোতে এইকেইটা দুৰ্ঘটনা সংঘটিত হয় ৷
ঘটনাৰ বিৱৰণী অনুসৰি, বালিপৰা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠাত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আয়োজন কৰা হৈছিল ৷ এই অনুষ্ঠান চাবলৈ আহিয়েই 5 টাকৈ দুৰ্ঘটনাত 5 গৰাকী যুৱকে মৃত্যুক আঁকোৱালি লয় ৷ পথ দুৰ্ঘটনাত নিহতসকল ক্ৰমে কাচেম আলী, ৰজ ইছলাম, বিপুল দাস, দেৱজিৎ বসুমতাৰী আৰু চৰফুং বসুমতাৰী বুলি জানিব পৰা গৈছে । এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷