Fly Over in Guwahati : 2026ৰ ভিতৰত গুৱাহাটীত নিৰ্মাণ হ’ব আৰু পাঁচখন নতুন উৰণ সেতু - গুৱাহাটী ফ্লাই অভাৰ
🎬 Watch Now: Feature Video
Published : Oct 19, 2023, 9:07 PM IST
গুৱাহাটী, ১৯ অক্টোবৰ : গুৱাহাটীৰ উন্নয়নৰ বাবে কেইবাটাও প্ৰকল্প ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মহানগৰীত বৃহস্পতিবাৰে এখন উৰণ সেতু উদ্বোধন কৰা কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই গুৱাহাটীৰ উন্নয়নৰ বাবে উক্ত প্ৰকল্পসমূহ ঘোষণা কৰে । তেওঁ জনায় যে গুৱাহাটীত ২০২৬ চনৰ ভিতৰত আৰু পাঁচখন উৰণ সেতু নিৰ্মাণ কৰা হ'ব । ইয়াৰে ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিলৈ ছয় কিলোমিটাৰ দৈৰ্ঘৰ উৰণ সেতুখনৰ কাম অহা জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ'ব । সেতুখন ২০২৬ চনৰ আগতে সম্পূৰ্ণ হ'ব । তেওঁ জনায় যে ২০২৪ চনত ভূতনাথ আৰু মাছখোৱাত দুটা ৰ'টাৰী নিৰ্মাণ কৰা হ'ব । ভুতনাথৰ পৰা মাছখোৱালৈ বিকল্প পথ নিৰ্মাণ কৰা হ'ব । ভৰলুমুখৰ ৰে'ল গেটৰ ওপৰত এখন উৰণ সেতু নিৰ্মাণ কৰা হ’ব । ইপিনে তিনিশ কোটি টকা গুৱাহাটীৰ উন্নয়নৰ বাবে মঞ্জুৰী দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । ইয়াৰোপৰি অহা বছৰৰ আগষ্টত ২০০০ চি চি টি ভি কেমেৰা গুৱাহাটীত স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ।
লগতে পঢ়ক : Shraddhanjali Flyover : বহু প্ৰত্যাশিত শ্ৰদ্ধাঞ্জলি উৰণ সেতু উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ