Moran Electrocution incident: বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা মাতৃ-পুত্ৰৰ পৰিয়াললৈ 4 লাখ টকা প্ৰদান APDCLৰ - Moran Electrocuted
🎬 Watch Now: Feature Video

মৰাণ, 1 আগষ্ট: সোমবাৰ অৰ্থাৎ 31 জুলাইত মৰাণত সংঘটিত হৈছিল এক মৰ্মান্তিক ঘটনা ৷ মৰাণৰ খটখটি বজাৰ লাইনত 440 ভল্টেজৰ বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি মৃত্যুক আঁকোৱালি লৈছিল মাতৃ-পুত্ৰই ৷ এই ঘটনাই আজিও মৰাণৰ খটখটিত চেঁপা উত্তেজনাই বিৰাজ কৰি থকা পৰিলক্ষিত হৈছে ।
বিয়লি নিজ গৃহৰ চোতালত খেলি থকা সময়ত ঘৰৰ ওপৰেদি যোৱা বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি সংঘটিত হোৱা এই ঘটনাত খটখটি বজাৰ লাইনৰ নিবাসী আকাশ কৰ্মকাৰৰ সন্তান ৰিয়ান কৰ্মকাৰ (৬) আৰু পত্নী ৰিমা কৰ্মকাৰ (২৮)ৰ মৃত্যু হয় ৷ ইয়াৰ পিচতে মঙলবাৰে দুইগৰাকী মৃত ব্যক্তিৰ পৰিয়াললৈ চাৰি লাখকৈ টকাৰ ক্ষতিপূৰণ আগবঢ়াইছে বিদ্যুৎ বিভাগে ৷
APDCL ৰ ফালৰ পৰা মৃত দুয়োগৰাকীকে ক্ষতিপূৰণ হিচাপে 4 লাখকৈ টকা প্ৰদান কৰিব বুলি মাহমৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ইণ্ডিকা গগৈয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷ শেহতীয়াকৈ জানিব পৰা অনুসৰি, এই ঘটনাত ৰমেশ কৰ্মকাৰ নামৰ এজন বয়োজ্যেষ্ঠ লোকো আঘাতপ্ৰাপ্ত হৈছে ৷
লগতে পঢ়ক: Illegal Wood Seized:লখিমপুৰত প্ৰায় চাৰিলাখ টকাৰ চোৰাং শিমলু কাঠ জব্দ