thumbnail

By

Published : Jan 27, 2023, 7:46 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ETV Bharat / Videos

3rd BTR accord day : চিৰাঙত উদযাপন বিটিআৰ চুক্তিৰ তৃতীয় বৰ্ষপূৰ্তি

চিৰাং, 27 জানুৱাৰী : বিটিআৰত বৈছে এতিয়া আনন্দৰ বন্যা ৷ কিয়নো বিটিআৰ চুক্তি ৰূপায়নেৰে বিটিআৰত গাঁও অন্তৰ্ভুক্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ বৃহস্পতিবাৰে গুৱাহাটীত আয়োজিত গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশ লৈ এই মন্তব্য প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই বাতৰি লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বিটিআৰবাসী ৷

ইফালে শুকুৰবাৰে চিৰাঙত উদযাপন কৰা হয় তৃতীয় বিটিআৰ চুক্তি দিৱস (3rd BTR accord day celebration in Chirang) । পুৱা বাইক ৰেলীৰে তৃতীয় বিটিআৰ চুক্তি দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিটিআৰৰ শাসকীয় দল ইউপিপিএলে (Bike rally on 3rd BTR accord day in Chirang)। এই অনুষ্ঠানত উপস্থিত থাকে চিদলী সমষ্টীৰ বিধায়ক জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ ডেকাসহ দলীয় কেবাগৰাকীও নেতা-কৰ্মী ৷

কাজলগাঁওস্থিত প্ৰেমসিং ব্ৰহ্ম সোঁৱৰণী ষ্টেডিয়ামৰ পৰা এই বাইক ৰেলীৰ আৰম্ভ কৰি সমগ্ৰ জিলা ভ্ৰমণৰ এটা প্ৰয়াস কৰে ইউপিপিএলে । চৰকাৰীভাৱে আয়োজন কৰা এই ৰেলীত জিলা উপায়ুক্ত, অতিৰিক্ত উপায়ুক্তৰ লগতে বহু কেইগৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ।

উল্লেখ্য যে, 1993 চনত বিটিচি নামেৰে প্ৰথমখন বড়ো চুক্তি স্বাক্ষৰ হৈছিল ৷ 2003 চনত বিলটিএফৰ সৈতে দ্বিতীয়খন বিটিচি চুক্তি স্বাক্ষৰ হৈছিল ৷ তাৰে পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ 2020 চনৰ 27 জানুৱাৰীত স্বাক্ষৰ হৈছিল তৃতীয়খন চুক্তি ৷ যাৰ বিটিআৰ চুক্তি বুলি জনায় ৷

কিছু বছৰৰ পূৰ্বে দীৰ্ঘসময় ধৰি ৰক্তপ্ৰৱাহ কৰা বড়োসকলৰ সংগ্ৰামক এক ন্যায্যতা প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ সেই অনুসৰিয়েই 2020 চনৰ 27 জানুৱাৰী তাৰিখে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, বিটিচি প্ৰশাসনৰ উপস্থিতিত সশস্ত্ৰ বিদ্ৰোহী সংগঠন নেশ্বনেল ডেম'ক্ৰেটিক ফ্ৰন্ট অৱ বড়োলেণ্ড চমুকৈ এনডিএফবিৰ সৈতে এক চুক্তি স্বাক্ষৰ হয় ৷ ত্ৰিপাক্ষিক এই চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে থাকে অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, এনডিএফবিৰ চাৰিওটা গোটৰ শীৰ্ষ নেতৃত্ব, নিখিল বড়ো ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্ব আৰু কেন্দ্ৰীয় চৰকাৰ ৷

এই চুক্তিয়ে বড়োভূমিত দীৰ্ঘদিন ধৰি চলি থকা সশস্ত্ৰ আন্দোলনক মাত্ৰা প্ৰদান কৰি ইয়াৰ অন্ত পেলাবলৈ সক্ষম হয় ৷ এই চুক্তি অনুসৰি, পূৰ্বৰ বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক অঞ্চলক এতিয়াৰে পৰা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজ'ন হিচাপে নামাংকন কৰা হয় আৰু অসমৰ পাহাৰীয়া জিলাসমূহত বসবাস কৰা বড়ো লোকসকলক পাহাৰীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি দিয়া হ'ব ৷ দেৱনাগৰী লিপিৰ দ্বাৰা লিখা হোৱা বড়ো ভাষা এতিয়াৰে পৰা অসমৰ সহকাৰী চৰকাৰী ভাষা হিচাপে চিহ্নিত কৰা হয় ৷

লগতে পঢ়ক : Centre KLO Peace Talk : দীঘলীয়া হ'ব কে এল অ'ৰে কেন্দ্ৰৰ শান্তি আলোচনা

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.