thumbnail

Lalit Chandra Rajkhowa Death Anniversary : মৃত্যু দিৱসত টীয়কত স্মৰণ ললিত চন্দ্ৰ ৰাজখোৱাক

By

Published : Jan 20, 2023, 6:40 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

আজি 'সিংহ যুৱক' তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাৰ ৩৩ সংখ্যক মৃত্যু দিৱস (33rd death anniversary of Lalit Chandra Rajkhowa) । এই উপলক্ষে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ টীয়কৰ ভগামুখস্থিত সমাধিস্থলীত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় (Lalit Chandra Rajkhowa death anniversary in Teok) । আনহাতে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগত সংগতি ৰাখি সমাধিস্থলীত দলীয় পতাকা উত্তোলন কৰে ভগামুখ আঞ্চলিক অগপৰ সভাপতি পৰেশ শইকীয়াই (former minister Lalit Chandra Rajkhowa) ।

অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পৰেশ বৰাই বন্তি প্ৰজ্বলন কৰাৰ লগতে স্মৃতি তৰ্পন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত উপস্থিত থকা দলীয় কৰ্মী তথা স্থানীয় ৰাইজেও সমাধিত পুষ্পাঞ্জলি কৰে । ইফালে টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই (Teok MLA Renupoma Rajkhowa) প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱাৰ সমাধিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নেতাগৰাকীৰ কৰ্মৰাজিক শ্ৰদ্ধাৰে স্মৰণ কৰে (Tribute to Lalit Chandra Rajkhowa in Teok) ৷ অগপৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াৰ লগতে টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াই প্ৰয়াত ৰাজখোৱাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি ললিত ৰাজখোৱাৰ সপোন বাস্তৱায়িত কৰাৰ সংকল্প লয় (former Teok MLA Lalit Chandra Rajkhowa) ।

তাৰ পাচতে উক্ত প্ৰাংগণতে অৱস্থিত ললিত চন্দ্ৰ ৰাজখোৱা স্মৃতি ভৱনত এখন স্মৃতিচাৰণ সভাও অনুষ্ঠিত হয় । এই সভাত টীয়কৰ বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকি প্ৰয়াত ৰাজখোৱাৰ স্মৃতি সজীৱ কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

উল্লেখ্য এসময়ৰ ছাত্ৰ নেতা ললিত চন্দ্ৰ ৰাজখোৱাই অসম আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । তেওঁৰ বজ্ৰকঠোৰ নেতৃত্ব আৰু সিংহ গৰ্জনৰ বাবেই এসময়ত তেওঁ 'সিংহ যুৱক' হিচাপে পৰিচিত আছিল । ১৯৮৫ চনত গঠন হোৱা অসম গণ পৰিষদ চৰকাৰত তেওঁ টীয়ক সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিল । প্ৰফুল্ল মহন্ত চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী আছিল প্ৰয়াত ললিত চন্দ্ৰ ৰাজখোৱা ।

Last Updated : Feb 3, 2023, 8:39 PM IST

For All Latest Updates

TAGGED:

Kanu123

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.