Foundation day of TMMK : জোনাইত আয়োজন টাকাম মিচিং মিমৗ কৗবাঙৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস - টাকাম মিচিং মিমৗ কৗবাঙৰ আজি প্ৰতিষ্ঠা দিৱস
🎬 Watch Now: Feature Video
মিচিং জনগোষ্ঠীৰ একমাত্ৰ প্ৰগতিশীল নাৰী সংগঠন টাকাম মিচিং মিমৗ কৗবাঙৰ আজি প্ৰতিষ্ঠা দিৱস (Foundation day of TMMK)৷ জোনাইত টাকাম মিচিং মিমৗ কৗবাঙৰ চমুকৈ TMMK জোনাই জিলা সমিতিৰ ৩২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় (32nd foundation day of TMMK celebrated at Jonai)। প্ৰতিষ্ঠা দিৱস উপলক্ষে মঙলবাৰে মুৰ্কংচেলেক মহাবিদ্যালয় প্ৰেক্ষাগৃহত পুৱা ৬:৩০ বজাত চফাই অভিযান, ৭:৩০ বজাত পতাকা উত্তোলন কৰে টি এম এম কে জোনাই জিলা সমিতিৰ সভানেত্ৰী দিপিকা পেগুৱে ৷ ইয়াৰ পিচতে শ্বহীদ তৰ্পন, প্ৰতিনিধি সভাৰ আয়োজন কৰা হয় ৷ এম এম কেৰ সদস্য অতুল পেগুৱে প্ৰতিনিধি সভাৰ দুৱাৰ মুকলি কৰা সভাত উদ্বোধনী ভাষণ আগবঢ়াই টি এম এম কেৰ সদস্যা পদ্মীতি মিলিয়ে ৷ ‘‘সাংগঠনিক আৰু নাৰী সৱলীকৰণ’’ শীৰ্ষক কৰ্মশালাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উদ্যাপন কৰা সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে Alumni of NIFT Delhi ৰ জাগৃতি ফুকন আৰু TMMK ৰ উপদেষ্টা ঊষাৰাণী পেগু ৷ আনহাতে সাংগঠনিক কর্মশালাত TMPK ৰ সভাপতি ৰাজকুমাৰ মৰাং, TMMK ৰ সভানেত্ৰী গীতাঞ্জলি পাতিৰ উপস্থিত থাকি সাংঠনিক দিশত বহুমূলীয়া বক্তব্য প্ৰদান কৰে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST