Japanese encephalitis in Assam: ৰাজ্যত ২৫৪ জন লোক জাপনীজ এনকেফেলাইটিছত আক্ৰান্ত - Japanese encephalitis in Assam
🎬 Watch Now: Feature Video
গুৱাহাটী,৫ আগষ্ট: ৰাজ্যত ভয়াৱহ হাৰত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ । ৰাজ্যত বৰ্তমানলৈ ২৫৪ জন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে । তাৰ ভিতৰত ৯ জন লোকৰ মৃত্যু হৈছে । মৃত্যু হোৱা ৯ জনৰ ভিতৰত ৫ জনৰ অন্যান্য অসুস্থতাও আছিল বুলি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত সদৰি কৰে ।
তেওঁ কয় যে, যোৱা বছৰ প্ৰায় ৩৫০ জন লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছিল । কিন্তু, তাৰ তুলনাত এই বৰ্ষত জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ যথেষ্ট কম হৈছে । জাপানীজ এনকেফেলাইটিছত আক্ৰান্তসকলক চিনাক্তকৰণৰ বাবে গাঁৱে গাঁৱে টীমবোৰ সোমাই পৰিছে । তদুপৰি প্ৰতিখন চিকিৎসায়তে আসন সংৰক্ষণ কৰি বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে ।
লগতে পঢ়ক: Traffic police at railway crossing: লখিমপুৰৰ ৰে'লৱে ক্ৰচিঙত যান-বাহন শাখাৰ আৰক্ষী