thumbnail

By

Published : Dec 27, 2022, 3:43 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

ETV Bharat / Videos

ASPWU 24 hours strike: টীয়কত আসাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ ২৪ ঘন্টীয়া কৰ্মবিৰতি কাৰ্যসূচী

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনস্থ আসাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে সমগ্ৰ অসমতে মঙলবাৰে ২৪ ঘন্টীয়া কলম আৰু সজুলি বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছে (Assam State Power Workers Union Protest in Assam)। অন্যান্য প্ৰান্তৰ লেখিয়াকৈ টীয়কতো অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কাৰ্যালয়ৰ সন্মুখত আসাম পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ টীয়ক শাখাৰ সদস্যসকলে ইউনিয়নৰ ১০ দফীয়া দাবী পুৰণৰ অৰ্থে কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছে (ASPWU 24 hours strike in Teok)। উল্লেখযোগ্য যে বিদ্যুৎ বিভাগৰ এইসকল কৰ্মচাৰীয়ে পুৰণি পেঞ্চন নীতি বাহল,পদোন্নতি, বিভিন্ন বিভাগ ব্যক্তিগতকৰণ তথা অস্থায়ী কৰ্মচাৰীৰ নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবী চৰকাৰ তথা উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও আজি পৰ্যন্ত এইসমূহ দাবী পুৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কৰ্তৃপক্ষই । সেয়ে আজি সমগ্ৰ অসমতে পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে এইদৰে কৰ্মবিৰতি পালন কৰিছে লগতে অনতি পলমে এইসমূহ দাবী পুৰণ নকৰিলে অনাগত দিনত আৰু অধিক গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে ।
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.