মৰিগাঁও আৰক্ষীৰ জালত 20 টাকৈ চাইবাৰ অপৰাধী - মৰিগাঁও আৰক্ষী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 1:41 PM IST

মৰিগাঁও, 13 ডিচেম্বৰ : চাইবাৰ অপৰাধীৰ বিৰুদ্ধে মৰিগাঁও আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে । মঙলবাৰে নিশা পুনৰ মৰিগাঁও আৰক্ষীয়ে 15 টাকৈ স্থানত অভিযান চলাই 20 টাকৈ কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ 

ঘটনাৰ বিৱৰণী অনুসৰি মঙলবাৰে নিশা মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু মৈৰাবাৰী থানাৰ অন্তৰ্গত বহুকেইটা অঞ্চলত অভিযান চলাই অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই 20 টাকৈ কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আটকাধীন অপৰাধীকেইটাক সম্প্ৰতি লাহৰীঘাট আৰু মৈৰাবাৰী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই অভিযানত আৰক্ষীয়ে বহু ব্যক্তিৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ছিম কাৰ্ড, মোবাইল আৰু লেপটপ জব্দ কৰিবলৈ সক্ষম হয় ৷ 

ধৃত অপৰাধীকেইটা হৈছে ৰাব্বুল ইছলাম, চৰিকুল ইছলাম, আৰিফ আহমেদ, আনাৰুল হক, চিৰাজুল ইছলাম, হাফিজুল ইছলাম, আব্দুল মহচিন আলী, আশিকুৰ ৰহমান, আইনুল ইছলাম, খাইৰুল ইছলাম, ফৰিজুল ইছলাম, ইজাজুল হক, আশিক ইছলাম আৰু গুলজাৰ হুছেইন বুলি জানিব পৰা গৈছে ৷ অৱশ্য়ে এতিয়াও আন চাৰি চাইবাৰ অপৰাধীৰ নাম জানিবলৈ পৰা হোৱা নাই ৷

লগতে পঢ়ক: ৱাহ ৱাহ ! বন্যহস্তীক বাঁহেৰে মৰিয়াই বীৰত্ব জাহিৰ কমলৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.