Central Jail guards suspended : কয়দীক ড্ৰাগছ যোগানৰ অপৰাধত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুই প্ৰহৰীক নিলম্বন

🎬 Watch Now: Feature Video

thumbnail

গুৱাহাটী, 18 জুলাই: গুৱাহাটী মহানগৰীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰৰ দুই প্ৰহৰীক নিলম্বন । ভাং, বিড়ি, চিগাৰেট, গুটখাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰী কয়দীক যোগান ধৰাৰ অভিযোগত নিলম্বিত হ’ল দুই প্ৰহৰী । দুই প্ৰহৰী ৰাজু ঠাকুৰ আৰু টংকেশ্বৰ দাস বুলি জানিবলৈ পৰা গৈছে । উল্লেখ্য যে, এমাহ পূৰ্বে নিযুক্তি পাইছিল এই দুই প্ৰহৰীয়ে । 

জেইলৰ ভিতৰত প্ৰৱেশ কৰাৰ সময়তে দুই প্ৰহৰীক তালাচী চলোৱাৰ সময়তে দুয়োৰে পৰা এই নিচাযুক্ত সামগ্ৰী জব্দ কৰা হৈছিল । ইয়াৰ পিচত প্ৰহৰী দুজনৰ বেৰেকৰ বিচনাতো চলোৱা হৈছিল অভিযান । বেৰেকৰ বিচনাতো এনেধৰণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰাৰ পিচতে দুইজনক নিলম্বন কৰে কাৰাগাৰৰ অধীক্ষকে । 1 জুনত দায়িত্ব আৰম্ভ কৰা দুই প্ৰহৰীকে 15 জুলাইত চাকৰিৰ পৰা নিলম্বন কৰা হয় । 

কেনেকৈ কাৰ সাহসত বলিয়ান হৈ নিযুক্তি লাভ কৰিয়েই এনেধৰণৰ অপৰাধমূলক কাৰ্যত প্ৰহৰী দুজন লিপ্ত হ’ল সৰ্বত্ৰে সেই প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে  । 

লগতে পঢ়ক : Child labor rescued: মহানগৰীত বনকৰা কিশোৰী উদ্ধাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.