AHSEC Result 2023 : প্ৰশাসনিক বিষয়া হোৱাৰ সপোন কলা শাখাত শীৰ্ষস্থান প্ৰাপ্ত সংকল্পজিত শইকীয়াৰ
🎬 Watch Now: Feature Video
নগাঁও,৬ জুন: সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলে আনন্দৰ বন্যা বোৱাইছে নগাঁৱলৈ (HS result 2023) । কলা আৰু বাণিজ্য শাখাত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীৰ স্থান লাভক লৈ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ নগাঁৱত (AHSEC Result 2023) । কলা শাখাত প্ৰথম স্থান লাভ কৰে নগাঁৱৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ সংকল্পজিত শইকীয়াই (1st position in arts in HS result 2023) ।
এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন কলা শাখাৰ প্ৰথম স্থানপ্ৰাপ্ত সংকল্পজিত শইকীয়াৰ (Sankalpjit Saikia of Nagaon secured 1st in Arts) । প্ৰকৃতিক ভালপোৱা সংকল্পজিত শইকীয়াই ধনাত্মক চিন্তাৰে আগুৱাই যোৱাৰ সপোন পুহি ৰাখিছে । প্ৰবন্ধ লিখি ভাল পোৱা শইকীয়াৰ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ উপৰিও এগৰাকী ভাল লেখক হোৱাৰ মন ।
লগতে পঢ়ক: Assam HS results 2023:দশম স্থান লাভ কৰা কৃষ্টিনা দেৱীৰ ভৱিষ্যতে এগৰাকী প্ৰবক্তা হোৱাৰ সপোন