এটা-দুটা নহয়, শিলচৰত একেনিশাই গ্ৰেপ্তাৰ ১৭ টাকৈ গভাইত চোৰ

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 11:26 AM IST

thumbnail

শিলচৰ, 4 জানুৱাৰী : কাছাৰ জিলাৰ শিলচৰত একেই নিশা গ্ৰেপ্তাৰ 17 টাকৈ গভাইত চোৰ ৷ চোৰকেইটাৰ পৰা উদ্ধাৰ কৰা হৈছে বহুকেইটা চুৰি কৰা সামগ্ৰী ৷

বুধবাৰে কাছাৰ আৰক্ষীয়ে শিলচৰ চহৰত চোৰ বিচাৰি অভিযান চলাই চহৰৰ বিভিন্ন স্থানৰ পৰা একেনিশাই গ্ৰেপ্তাৰ কৰে 17 টাকৈ চোৰক ৷ লগতে আৰক্ষীয়ে চোৰকেইটাৰ পৰা উদ্ধাৰ কৰে চুৰি কৰি নিয়া যোৱা লেপটপ, মোবাইল ফোন আদিকে ধৰি পানীৰ পাম্প, গাড়ীৰ বেটাৰীসহ বহু মূল্যবান সা-সামগ্ৰী । 

উল্লেখ্য যে, যোৱা কেইবাদিন ধৰি শিলচৰ চহৰত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছিল। প্ৰতি নিশা চহৰখনৰ বিভিন্ন ঘৰসহ ব্যৱসায়ীক প্ৰতিষ্ঠানত চোৰৰ দলে চাফাই অভিযান চলাইছিল । তাৰ পিচতে কাছাৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা শিলচৰ চহৰত এই বিশেষ অভিযান চলায় ।

লগতে পঢ়ক: বনভোজকাৰী দলৰ বাবে SOP

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.