Kalgachia Land Dispute: এডোখৰ মাটিৰ বাবেই দুটা ফৈদৰ মাজত সংঘাত; 17 জন আহত
🎬 Watch Now: Feature Video
জনীয়া, 13 এপ্ৰিল: কলগাছিয়াৰ তাপেশ্বৰাত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে (Kalgachia Land Dispute case)। প্ৰতিপক্ষৰ আক্ৰমণত ১৭ জনকৈ লোক আহত হৈছে ৷ বৃহস্পতিবাৰে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত তাপেশ্বৰা গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি গাঁওখনৰ তাইজুদ্দিন-ফইজুদ্দিন আৰু আশ্রাফুল আলমৰ দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিটৰ সৃষ্টি হয় (17 Injured at Kalgachia Land Dispute)।
ঘটনাৰ বিৱৰণী অনুসৰি আশ্রাফুল আলমে নিজা মাটিত ঘৰৰ কাম কৰি থকা অৱস্থাত তাইজুদ্দিন আৰু ফইজুদ্দিনে নিজৰ মাটি বুলি দাবী কৰি ঘৰ সজা কাৰ্যক বাধা প্ৰদান কৰাৰ পিচতে ঘটনাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত তুমুল মাৰপিটৰ সৃষ্টি হয় । এই মাৰপিট ঘটনাত প্ৰতিপক্ষৰ আক্ৰমণত জমিৰ মুন্সী, আশ্ৰাফুল, আশ্ৰফ, কালাম, পিয়াৰ, আচমত, আছাদুল, ৱাহিদা আৰু আশ্ৰাফুলৰ পত্নী আৰু আন পক্ষৰ ক্ৰমে ছফিকুল ইছলাম, মহম্মদ আলী, ফইজুদ্দিন, ফাতেমা খাতুন, আবিদা খাতুন, জৰিনা, কাদেৰ আলী আৰু ছামিনা আখতাৰসহ ১৭ জনকৈ লোক গুৰুতৰভাৱে আহত হয় ।
পিচমূহুৰ্তত আহতসকলক ৰাইজে কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইয়াৰে আহতসকলৰ মাজৰ আশ্ৰফ আলী নামৰ ৯০ বছৰৰ উৰ্ধৰ এগৰাকী বৃদ্ধ ব্যক্তিক মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে । উল্লেখ্য যে, তাইজুদ্দিন নামৰ লোকজনে কিছুদিন পূৰ্বেও ভূমি বিবাদক কেন্দ্ৰ কৰি আন এটা পৰিয়ালক আক্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে । এই ঘটনাক কেন্দ্ৰ কৰি দুয়োপক্ষই পৃথকে পৃথকে থানাত এজাহৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: Forest department: ৰাজ্যৰ বন বিভাগক সবাতোকৈ দুৰ্নীতিগ্ৰস্ত বিভাগ আখ্যা বিধায়ক মনোৰঞ্জন তালুকদাৰৰ