thumbnail

By ETV Bharat Assamese Team

Published : Oct 1, 2023, 6:45 PM IST

ETV Bharat / Videos

Food poisoning: ধেমাজিত খাদ্যত বিষক্ৰিয়া হৈ ১৬ জন অসুস্থ

ধেমাজি, 1 অক্টোবৰ: ধেমাজি জিলাৰ নগাঁও দেওঘৰবাৰীত মাহ-প্ৰসাদত বিষক্ৰিয়া ৷ মাহ-প্ৰসাদ গ্ৰহণ কৰি মুঠ 16 গৰাকী বিষত আক্ৰান্ত হৈ অসুস্থ হয় ৷ বৰ্তমান অসুস্থ লোককেইজন ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ 

বৰদলনিৰ নগাওঁ পদুমণি আইথানত শুকুৰবাৰে এগৰাকী লোকে মাহ প্ৰসাদ আৰু পায়সৰ শৰাই দিছিল ৷ সেই প্ৰসাদ আৰু পায়স খোৱাৰ পিচতে খাদ্য বিষক্ৰিয়া হোৱাত প্ৰথমে লোকসকল শৌচ, বমি, পেটৰ বিষ আৰু জ্বৰত আক্ৰান্ত হয় ৷ তেওঁলোকৰ ক্ৰমাৎ অৱস্থাৰ অৱনতি হোৱাত লগে লগে অসুস্থ লোকসকলক ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰা হয় ৷ অৱশ্যে সম্প্ৰতি লোকসকল বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷ 

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত দিনসমূহত এনেদৰে বিষাক্ত মাহ-প্ৰসাদ গ্ৰহণ কৰি লোক অসুস্থ হোৱাৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷

লগতে পঢ়ক: Assam Meghalaya border tension: লাপাংআপত বাহন আৱদ্ধ কৰি তিনি অসমীয়াক আক্ৰমণ খাছীৰ; এজন নিখোঁজ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.