thumbnail

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 12:32 PM IST

ETV Bharat / Videos

Suspected death: অৰ্ধগলিত অৱস্থাত কিশোৰৰ মৃতদেহ উদ্ধাৰ

জোনাই, 17 অক্টোবৰ: ধেমাজি জিলাৰ চিলাপথাৰৰ ভৈৰৱপুৰত 14 বছৰীয়া কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ 1 নং ভৈৰৱপুৰৰ নবীন দাস (14) নামৰ কিশোৰটিৰ অৰ্ধগলিত অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, যোৱা 11 অক্টোবৰ পৰা নিৰুদ্দেশ হৈ আছিল নবীন দাস। তাৰ পিচৰে পৰা নিখোঁজ পুত্ৰক বিচাৰি হাহাকাৰ কৰিছিল পৰিয়ালটোৱে ৷ 

অৱশ্যে এয়া হত্যা নে আত্মহত্যা এতিয়াও জানিব পৰা হোৱা নাই। ইয়াৰ পিচতে সোমবাৰে সন্ধিয়া 5 বজাত নিজ ঘৰৰ পিছফালৰ বাৰীত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰে কিশোৰটিৰ মৃতদেহ ৷ 

তাৰ পিচতে ঘটনাস্থলীত চিলাপথাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তৰ পিচতহে কিশোৰটিৰ মৃত্যুৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক: Fake Orunodoi Form in Nalbari : অবৈধভাৱে অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিক্ৰী কৰা দোকানত প্ৰশাসনৰ অভিযান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.