130th World Brothers Day: নলবাৰীৰ নাট্যমন্দিৰত 130 সংখ্যক বিশ্ব ভাতৃত্ব দিৱস উদযাপন - বিশ্ব ভাতৃত্ব দিৱস
🎬 Watch Now: Feature Video


Published : Sep 12, 2023, 7:07 AM IST
নলবাৰী, 12 ছেপ্টেম্বৰ : প্ৰতি বছৰে 11 ছেপ্টেম্বৰৰ দিনটো বিশ্ব ভাতৃত্ব দিৱস হিচাবে পালন কৰা হয় । বিশ্বৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নলবাৰীতো সোমবাৰে পালন কৰা হয় 130 সংখ্যক বিশ্ব ভাতৃত্ব দিৱস । নলবাৰীৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ উদ্যোগত নলবাৰী নাট্যমন্দিৰত পালন কৰা হয় এই দিৱসৰ কাৰ্যসূচী ।
উল্লেখ্য যে, 1893 চনৰ 11 ছেপ্টেম্বৰত চিকাগোত বিশ্ব ধৰ্ম সংসদৰ প্ৰতিনিধিসকলক উদ্দেশ্যি স্বামী বিবেকানন্দই সৱল কণ্ঠৰে ''Brothers and sisters'' বুলি আৰম্ভ কৰি ভাষণ প্ৰদান কৰিছিল ৷ স্বামী বিবেকানন্দৰ সেই বিখ্যাত ভাষণৰ স্মৰণীয় অনুষ্ঠান হিচাপে প্ৰত্যেক বছৰে এই দিৱস পালন কৰি অহা হৈছে ।
নলবাৰী নাট্যমন্দিৰত অনুষ্ঠিত উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । সোমবাৰে আয়োজিত এই অনুষ্ঠানত নিপকোৰ অৱসৰপ্ৰাপ্ত মুখ্য প্ৰবন্ধক ভাৰত চন্দ্ৰ ডেকা, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কৃষ্ণ চন্দ্ৰ গৌড়ৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷