thumbnail

By

Published : Apr 3, 2023, 11:54 AM IST

ETV Bharat / Videos

Mridangam perform in Amguri: ১২০০ শিল্পীয়ে পৰিৱেশন কৰিলে দেৱবাদ্য মৃদংগ

আমগুৰি,৩ এপ্ৰিল: দেৱবাদ্যৰূপে পৰিচিত মৃদংগক বিশ্বমুখী কৰা আৰু নৱপ্ৰজন্মৰ মাজত পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে শিৱসাগৰ জিলাৰ আমগুৰিত একেলগে ১২০০ শিল্পীয়ে পৰিৱেশন কৰিলে দেৱবাদ্য মৃদংগ । আমগুৰিৰ বৰুৱাআলি খেলপথাৰত পৰিৱেশন কৰা হ'ল ৬৯ টা দলৰ মুঠ ১২০০ মৃদঙীয়া গায়ন-বায়ন । শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট, ধেমাজি, নগাঁৱকে ধৰি মুঠ ১১ জিলাৰ মৃদঙীয়া গায়ন-বায়ন শিল্পীসকলে প্ৰদৰ্শন কৰে দেৱবাদ্য মৃদংগ(1200 artists perform Mridangam in Amguri) ।  

'মৃদঙীয়া গায়ন বায়ন সন্থা'(Mridangiya Gayan Bayan Santha) অসমৰ প্ৰথম বাৰ্ষিক মধ্যকালীন অধিৱেশন আৰু প্ৰতিস্থা দিৱসত শিল্পীসকলে নিজ নিজ ধৰ্মীয় পৰম্পৰাৰে ৬৯ টা মৃদঙীয়া গয়ন বায়ন দলৰ ১২০০ শিল্পীয়ে একেলগে আমগুৰিৰ বৰুৱাআলি খেলপথাৰত মৃদঙীয়া গায়ন-বায়ন পৰিৱেশন কৰে । অসমৰ বহু জনগোষ্ঠীৰ এক বৈচিত্ৰময় পৰম্পৰাসমৃদ্ধ সাংস্কৃতিক আধাৰ মৃদংগ বাদ্য এক গৌৰৱময় প্ৰাচীন লোককলা । ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ মাজত ধৰ্মীয় পৰম্পৰাৰে ভিন্ন শৈলীৰে দেৱবাদ্য মৃদঙীয়া গায়ন-বায়নৰ প্ৰচলন আছে(Mridangam perform in Amguri) ।  

ডিব্ৰুগড় জিলাৰ বকপৰাত গঠন হোৱা মৃদঙীয়া গায়ন-বায়ন সন্থা, অসমৰ এবছৰীয়া বৰ্ণময় সাংস্কৃতিক কাৰ্যসূচীসমূহৰ উত্তৰণমুখী চিন্তাৰ বিকাশ ঘটোৱাৰ উদ্দেশ্যৰে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ১২০০ শিল্পীয়ে একেলগে দেৱবাদ্য মৃদংগ পৰিৱেশন কৰে । 

লগতে পঢ়ক: Storm caused heavy damage to crops: প্ৰচণ্ড ধুমুহাই তচনচ কৰিলে জোনাইৰ বহু পৰিয়াল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.