thumbnail

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 5:58 PM IST

ETV Bharat / Videos

লংকাত শিখগুৰু গৌবিন্দ সিংজীৰ জন্মজয়ন্তী উপলক্ষে নগৰ কীৰ্তন

হোজাই, ১৫ জানুৱাৰী : সোমবাৰে সমগ্ৰ বিশ্বতে পালন কৰা হৈছে দশম শিখ গুৰু শ্ৰীগুৰু গৌবিন্দ সিং জীৰ ৫৫৭ সংখ্যক জন্মজয়ন্তী । আনহাতে, দশম শিখ গুৰু শ্ৰীগুৰু গৌবিন্দ সিং জীৰ ৫৫৭ সংখ্যক জন্মজয়ন্তী দিৱসৰ কাৰ্যসূচী হোজাই জিলাতো হাতত লোৱা হৈছে ।

এই জন্মজয়ন্তীৰ কাৰ্যসূচী হোজাই জিলাৰ লংকা চহৰত শিখ সমাজৰ উদ্যোগত উলহ-মালহৰে আয়োজন কৰা হয় । লগতে গুৰুজনাৰ এই জন্মজয়ন্তীৰ লগত সংগতি ৰাখি সোমবাৰে লংকা চহৰৰ মাজমজিয়াৰে এক বিশাল সমদল তথা ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয় ।

নগৰ কীৰ্তন নামৰ এই ধৰ্মীয় সমদলত শিখ সম্প্ৰদায়ৰ লগতে বিভিন্ন ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে । আনহাতে, দশম শিখ গুৰু শ্ৰীগুৰু গৌবিন্দ সিং জীৰ জন্মজয়ন্তী উপলক্ষে উদ্যোক্তাসকলে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক :তেজপুৰত নাম-প্ৰসংগৰ মাজেৰে মেজি জ্বলোৱাৰ পৰম্পৰা ৰক্ষা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.