Minor boy suicide: গামোচাৰে চিপ লৈ 10 বছৰীয়া কিশোৰৰ আত্মহত্যা - Minor boy suicide case

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 17, 2023, 9:29 PM IST

জনিয়া, 17 মাৰ্চ : বৰপেটা জিলাৰ কলগাছিয়াত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ বৃহস্পতিবাৰে বিয়লি কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাঁৱত এটা ১০ বছৰীয়া কিশোৰে আত্মহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে (Minor boy suicide case)। কলগাছিয়াৰ হালধীয়া গাঁৱৰ ৰহিম আলীৰ কনিষ্ঠ পুত্ৰই ৰহস্যজনকভাৱে চিপ লৈ আত্মহত্যা কৰে । জানিব পৰামতে শিশুটোৰ পিতৃ ৰহিম আলী এগৰাকী ৰাজমিস্ত্রী, প্ৰত্যেক দিনাৰ দৰেই বৃহস্পতিবাৰে নিজৰ কাম সামৰি কিশোৰগৰাকীৰ পিতৃ ঘৰলৈ অহাৰ পূৰ্বে বজাৰৰ পৰা যাৱতীয় সা-সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ আহে (10 years boy suicide at Kalgachia )। 

কিন্তু আজি পিতৃ ৰহিম আলীয়ে ঘৰলৈ আহি নিজ পুত্ৰক এখন গামোচাৰে চিপ লৈ ওলমি থকা দেখি হতচকিত হৈ পৰে । বৰ্তমানলৈ এই কিশোৰটোৰ ৰহস্যজনক আত্মহত্যাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। পিছমূহুৰ্তত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। সম্প্ৰতি কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষা কৰিবলৈ প্ৰেৰণ কৰিছে ৷  কিশোৰটোৱে কি কাৰণত এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেইয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে পোহৰলৈ আহিব ৷  

লগতে পঢ়ক: Tense situation in Nagaon college : ছাত্ৰৰ মাৰপিটত কেইবাজনো আহত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.