ৰাজপথতে ঠিকাদাৰক গামোচা পিন্ধাই ধমক দিলে বিমল বৰাই - ঠিকাদাকৰ ধমক বিমল বৰাৰ
🎬 Watch Now: Feature Video

ঠিকাদাৰক গামোচা পিন্ধাই ধমক দিলে মন্ত্ৰী বিমল বৰাই (Minister Bimal Borah got angry on contractors of APDCL) ৷ কামত হেমাহি কৰা ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ হৈ পৰা দেখা গ’ল শক্তিমন্ত্ৰী বিমল বৰাক ৷ টিংখাঙৰ ৰাজপথত APDCL ৰ একাংশ ঠিকাদাৰৰ কামক লৈ অসন্তুষ্ট হৈ পৰিছে শক্তিমন্ত্ৰী বিমল বৰা ৷ নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম শেষ কৰিব নোৱাৰিলে ব্লেকলিষ্টেড কৰাৰো হুংকাৰ দিলে মন্ত্ৰীগৰাকীয়ে ৷ শণিবাৰে টিংখাঙত এই ব্যতিক্ৰমী ৰূপত দেখা গ’ল শক্তিমন্ত্ৰীগৰাকীক ৷ APDCL ৰ একাংশ ঠিকাদাৰৰ কামত অসন্তুষ্ট হৈ পৰাৰ পিছতে এগৰাকী ঠিকাদাৰক মাতি আনি ধমক দিলে মন্ত্ৰীগৰাকীয়ে । শীঘ্ৰেই কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম শেষ কৰিব নোৱাৰিলে ঠিকাদাৰ, প্ৰতিষ্ঠানক ব্লেকলিষ্টেড কৰাৰ হুংকাৰ দিলে মন্ত্ৰী বিমল বৰাই । আনহাতে অন কেমেৰা মন্ত্ৰীৰ ধমক খাই সময়মতে কাম শেষ কৰাৰ কথা সংবাদমাধ্যমৰ আগত উল্লেখ কৰিলে ঠিকাদাৰগৰাকীয়ে ।
Last Updated : Feb 3, 2023, 8:11 PM IST