thumbnail

By

Published : Mar 27, 2022, 10:42 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

ETV Bharat / Videos

মণিপুৰৰ ট্ৰাক চালকসকলক সহায়ৰ হাত কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাৰ

নাগালেণ্ডৰ কহিমা আৰু মাও মাজত প্ৰায় ৩০ কি.মি. যোৱা পথচোৱাত 20 মাৰ্চৰ পৰা বৰ্তমানলৈকে নাগালেণ্ডৰ এটা সংগঠনে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ যাৰ বাবে মণিপুৰৰ প্ৰায় সহস্ৰাধিক ট্ৰাক চালক আৱদ্ধ হৈ পৰিছে সেই স্থানত (Many drivers trapped at Khotkhoti)৷ কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী অঞ্চল খটখটী আৰু লাহৰিজানত আৱদ্ধ হৈ থকা চালক-হেণ্ডিমেনসকল অনাহাৰে, অনিদ্ৰাত জীয়াতু ভুগি আছে ৷ কিন্তু এই সন্দৰ্ভত কাণসাৰ নাই নাগালেণ্ড, মণিপুৰ বা অসম চৰকাৰৰ ৷ সেয়ে দেওবাৰে কাৰ্বি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ ভট্টৰায়ৰ নেতৃত্বত যোৱা এটা দলে চালকসকলক সাময়িক সকাহৰ বাবে আৱদ্ধ চালক-হেণ্ডিমেনসকলৰ মাজত উপস্থিত হৈ চাউল, ডাইল, তেল আৰু আলু আদি খাদ্য সামগ্ৰী বিতৰণ কৰে ৷
Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.