সমষ্টিবাসীৰ সৈতে ফাকু খেলাত ব্যস্ত বিধায়ক দিগন্ত কলিতা - আবিৰৰ ৰঙত মতলীয়া হৈছে ৰাজ্য
🎬 Watch Now: Feature Video
আজি ৰঙৰ উৎসৱ ফাকুৱা । আবিৰৰ ৰঙত মতলীয়া হৈছে ৰাজ্যৰ চৌদিশ ৷ বাদ পৰি ৰোৱা নাই কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাও (Kamalpur MLA Diganta Kalita celebrate Holi festival) ৷ শুকুৰবাৰে পুৱাই নিজ সমষ্টিত ফাকু খেলাত ব্যস্ত হৈ পৰে বিধায়কগৰাকী । কমলপুৰ সমষ্টিৰ বিজেপি কাৰ্যকৰ্তাসকলৰ সৈতে ব্যস্ত বিধায়কগৰাকীয়ে সমূহ ৰাইজক ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ লগতে তেওঁ কয় যে, ৰাজ্যসভাৰ আসনখনৰ বাবে কংগ্ৰেছেও প্ৰতিদ্বন্দ্বিতা কৰিব ৷ কিন্তু আসনখন বিজেপিৰ দখলতে থাকিব ৷ আনকি তেওঁ কয় যে, কংগ্ৰেছৰ অধিকাংশ নেতাৰ দেহটো আছে কংগ্ৰেছত আৰু মনটো আছে বিজেপিত ৷
Last Updated : Feb 3, 2023, 8:20 PM IST