thumbnail

কলগাছিয়াত বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণৰ শুভ উদ্বোধন

By

Published : Mar 25, 2022, 10:55 PM IST

Updated : Feb 3, 2023, 8:20 PM IST

বৰপেটা জিলাৰ জনীয়াৰ কলগাছিয়াৰ ৰূপসী শিক্ষাখণ্ডৰ প্ৰাথমিক বিদ্যালয়সমূহত বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰম্ভ কৰা হয় (Free textbook distribution in Barpeta) । অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য এম মোজাম্মেল হুছেইনৰ পৌৰহিত্যত পাঠ্যপুথি বিতৰণ কাৰ্ষসূচীৰ শুভ উদ্বোধন কৰে কালগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমিয়াই ৷ চক্ৰ বিষয়াগৰাকীৰ উপৰিও অনুষ্ঠানত উপস্থিত থাকে কলগাছিয়া ৰূপসী শিক্ষা খণ্ডৰ শিক্ষা বিষয়াৰ লগতে কেইবাগৰাকীও চি আৰ চি চি ৷ উল্লেখ্য যে, ৪৫৯ খন বিদ্যালয়ত সৰ্বমুঠ ৪৭,২২৮ গৰাকী ছাত্ৰ -ছাত্ৰীয়ে এই বিনামূলীয়া পাঠ্যপুথি লাভ কৰিব বুলি মতপোষণ কৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বিৰকামীয়াই ।
Last Updated : Feb 3, 2023, 8:20 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.