thumbnail

By

Published : Nov 29, 2022, 1:29 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ETV Bharat / Videos

Smuggling timber seized: মাণিকপুৰত চোৰাংকৈ সৰবৰাহ কৰা কাঠসহ জব্দ ট্ৰাক

ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ (Wood smuggling in Assam)। বন বিভাগ আৰু আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাংভাৱে সৰবৰাহ কৰা কাঠ জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি আহিছে (Timber smuggling in Assam)। কিন্তু বন বিভাগ তথা আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো দুষ্টচক্ৰই কাঠৰ সৰবৰাহৰ বাবে লৈছে বিকল্প উপায় । ইয়াৰ মাজতেই মাণিকপুৰ আৰক্ষীয়ে সোমবাৰে নিশা চোৰাংকৈ সৰবৰাহ কৰা কাঠসহ এখন ট্ৰাক জব্দ কৰি গতালে বন বিভাগক (Smuggling Wood seized at Manikpur)। আৰক্ষীয়ে বৰপেটাৰোড অভিমূখি AS 01 CC 7106 নম্বৰৰ ট্ৰাকখন পাতিলাদহাৰ পৰা কাঠসহ জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য় যে ট্ৰাকখনত অনা কাঠখিনিৰ বিপৰীতে বন বিভাগৰ চালান আছে যদিও চালানত উল্লেখ কৰা ১৮ টা কুণ্ডাৰ পৰিৱৰ্তে আছিল ৬০ টা কুণ্ডা । বৰ্তমান জব্দকৃত কাঠভৰ্তি ট্ৰাকখন মানিকপুৰ বন উপ-সংমণ্ডলৰ কাৰ্যালয়ত ৰখা হৈছে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.