Ramen Deka visited Barpeta: বৰপেটাৰ আতচবাজী শিল্পৰ উন্নয়ণৰ প্ৰয়াস চৰকাৰৰ - Vice Chairman of Transformation Commission
🎬 Watch Now: Feature Video
সত্ৰীয়া পৰম্পৰা আৰু ঐতিহ্যৰে পৰিপূৰ্ণ সত্ৰনগৰী বৰপেটাৰ থলুৱা মৃতপ্ৰায় আতচবাজী উদ্যোগটোৰ (Cracker industry of Barpeta) উন্নয়ন আৰু বিকাশৰ বাবে শেহতীয়াভাৱে আগবাঢ়ি আহিছে ৰাজ্য চৰকাৰ ৷ ৰাজ্য চৰকাৰৰ উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰ উপাধ্যক্ষ (Vice Chairman of Transformation Commission) ৰমেন ডেকাই বৃহস্পতিবাৰে বৰপেটাত উপস্থিত হৈ আতচবাজী শিল্প গাঁওখন পৰিদৰ্শন (Ramen Deka visit fireworks industry village) কৰে ৷ ৰমেন ডেকাই আতচবাজী শিল্পৰ গাঁওখন পৰিদৰ্শন কৰাৰ পিছতেই আতচবাজী শিল্পী সকলৰ সমস্যা আৰু ইয়াৰ সমাধানৰ উদ্দেশ্যে আতচবাজী শিল্প সমবায় সমিতিলৈ ১৫ লাখ টকাৰ সূদবিহীন পূঁজি আগবঢ়োৱাৰ বিষয়ে উল্লেখ কৰে । আতচবাজী শিল্পীসকলৰ মূলধনৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰপৰা সূদবিহীন পূঁজিৰ অনুদান আগবঢ়োৱাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰি ইয়াৰ জৰিয়তে শিল্পটোৰ উন্নয়ন হ'ব বুলি মন্তব্য় কৰে ৷ ইপিনে, তেওঁ বৰপেটাৰ মাথো ৫টা উদ্যোগে ৰাজ্যখনৰ বাবে প্ৰয়োজনীয় আতচবাজী যোগান ধৰিব নোৱাৰাৰ বাবেই বহিঃৰাজ্যৰ পৰা আতচবাজীৰ আমদানি হোৱা বুলি উল্লেখ কৰে ৷
Last Updated : Feb 3, 2023, 8:29 PM IST