Dumper rush on road in Amguri: আমগুৰিত ডাম্পাৰৰ দৌৰাত্মত অতিষ্ঠ ৰাইজ

By

Published : Nov 9, 2022, 9:12 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail
শিৱসাগৰ জিলাৰ আমগুৰিত এন এইচ ডি চি এলৰ মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চ সৰৱ হৈছে (Protest against Dumper at Amaguri) । চাৰিলেনযুক্ত পথ নিৰ্মাণত ব্যৱহৃত মাটি কঢ়িওৱা ডাম্পাৰসমূহে দিনৰ ভাগত হালোৱাটিং আৰু আমগুৰি নগৰৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তীব্ৰ বেগত যাতায়াত কৰাত ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকি নামি আহিছে (AYM protest against construction company)। নাগালেণ্ডৰ পৰা মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মৰ বাবেই ৰাইজে ৰাজপথলৈ ওলাবলৈ ভয় কৰাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে । সেয়েহে বুধবাৰে অসমীয়া যুৱ মঞ্চৰ আমগুৰি আঞ্চলিক সমিতিয়ে আমগুৰি ৰাজহ চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰি এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে (Memorandum handed over to Circle Officer)। সংগঠনটোৰ দাবী তিনি দিনৰ ভিতৰত পূৰণ নকৰিলে পথ অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংগঠনটোয়ে সঁকীয়াই দিছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.