Fire at Dalgaon: দলগাঁৱত প্ৰাথমিক বিদ্যালয়ত দুৰ্বৃত্তৰ অগ্নি সংযোগ - Miscreants set fire in school at Dalgaon

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 3, 2023, 4:24 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

দৰং জিলাৰ দলগাঁৱত এখন চৰকাৰী বিদ্যালয়ত সংঘটিত হৈছে অগ্নিকাণ্ড । দলগাঁও বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ (Dalgaon Basic Training Centre) চৌহদত ১৯১২ চনত স্থাপিত দলগাঁও সংলগ্ন অভ্যাসন প্ৰাথমিক বিদ্যালয়ত দুৰ্বৃত্তই অগ্নি সংযোগ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Miscreants set fire in school at Dalgaon)। সোমবাৰে নিশা দুৰ্বৃত্তই বিদ্যালয়খনৰ দুটা শ্ৰেণী কোঠা ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে প্ৰধান শিক্ষকৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰে । ফলত ভস্মীভূত হয় ১৯৫০ চনৰ পৰা বিদ্যালয়খনত মজুত ৰখা বহুতো গুৰুত্বপূৰ্ণ নথিপত্ৰ । পুৱা দলগাঁও থানাৰ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে (Dalgaon Police Station) ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.